জিপিএছ প্ৰযুক্তিৰ জৰিয়তে টোল সংগ্ৰহ কৰিবলৈ সাজু হৈছে চৰকাৰ। কিছু দিনৰ পিছৰ পৰা টোল প্লাজাত ৰৈ আৰু টোল দিব নালাগিব। ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত টোল প্লাজাত ঘণ্টাৰ পিছত ঘণ্টা যান-জঁটত আবদ্ধ হৈ থকাৰ পৰা সকাহ পাব।
এই নতুন জিপিএছ টোল চিষ্টেম অহাৰ পিছত ঘাইপথত টোল গেট দেখা নাপাব। অতি শীঘৰে দেশৰ সকলো ঘাইপথৰ পৰা সকলো টোল প্লাজা আঁতৰাই দিয়া হ’ব।
বুধবাৰে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে জিপিএছ ভিত্তিক টোল সংগ্ৰহ ব্যৱস্থা আৰম্ভ কৰাৰ সন্দৰ্ভত ডাঙৰ ডাঙৰ তথ্য প্ৰদান কৰে। তেওঁ কয় যে ঘাইপথৰ টোল প্লাজাৰ বৰ্তমানৰ ব্যৱস্থা সলনি কৰিবলৈ চৰকাৰে অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত জিপিএছ ভিত্তিক টোল সংগ্ৰহ ব্যৱস্থাকে ধৰি নতুন প্ৰযুক্তি প্ৰৱৰ্তন কৰিব।
ইয়াৰ লগতে তেওঁ কয় যে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে যান-বাহন নৰখোৱাকৈ স্বয়ংক্ৰিয় টোল সংগ্ৰহ ব্যৱস্থা সক্ষম কৰিবলৈ স্বয়ংক্ৰিয় নম্বৰ প্লেট চিনাক্তকৰণ ব্যৱস্থাৰ দুটা পৰীক্ষামূলক প্ৰকল্পও চলাইছে।
এই পদক্ষেপৰ লক্ষ্য হৈছে ঘাইপথত যাতায়ত হ্ৰাস কৰা। তথ্য অনুসৰি ২০১৮-১৯ বৰ্ষৰ ভিতৰত টোল প্লাজাত গড়ে ৮ মিনিট অপেক্ষা কৰিবলগীয়া হৈছিল একোখনকৈ বাহন। ২০২০-২১ আৰু ২০২১-২২ চনত Fastag ব্যৱস্থা ৰূপায়ণৰ লগে লগে এই সময় মাত্ৰ ৪৭ ছেকেণ্ডলৈ হ্ৰাস পাইছে।