কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ডাঙৰ সিদ্ধান্ত ।সংসদৰ নিৰাপত্তাৰ দায়িত্ব অৰ্পন CISF ক

নতুন সংসদ ভৱনত শেহতীয়াকৈ সংঘটিত নিৰাপত্তাজনিত ঘটনাৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।দিল্লী আৰক্ষীৰ পৰিৱৰ্তে এতিয়াৰ পৰা সংসদৰ নিৰাপত্তাৰ দায়িত্বত থাকিব কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (CISF) । সংসদ ভৱন আৰু সংসদ ভৱন চৌহদৰ নিৰাপত্তাৰ দায়িত্ব চি আই এছ এফক অৰ্পন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ মন্ত্ৰালয়ে ।ইপালে সংসদৰ নিৰাপত্তাজনিত ত্ৰুটিক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে বিৰোধী।

চিআইএছএফে সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্ব লোৱাৰ পূৰ্বে সংসদ ভৱনৰ জৰীপ কৰিব বুলি উল্লেখ কৰিছে  চি আই এছ এফৰ উপ মহাপৰিদৰ্শক অজয় ​​কুমাৰে এই কথা সদৰী কৰিছে ।

CISFৰ উপ মহাপৰিদৰ্শক অজয় ​​কুমাৰৰ অধ্যক্ষতাত গঠিত এখন ব’ৰ্ডে সংসদ ভৱন চৌহদৰ জৰীপ কৰিব যাতে চি আই এছ এফৰ নিৰাপত্তা আৰু অগ্নিনিৰ্বাপক শাখাৰ লোকসকলক নিয়মীয়াকৈ নিয়োগ কৰিব পাৰি ।

জানিব পৰা মতে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে চি আই এছ এফে  সংসদৰ নিৰাপত্তাৰ দায়িত্ব চমজি লোৱাৰ সম্ভাৱনা আছে। অৱশ্যে দৰ্শনাৰ্থীসকলৰ বাবে পাছ দিয়াৰ দায়িত্বত থাকিব সংসদৰ কৰ্মচাৰী সকল ।

Comments (0)
Add Comment