বিগ বি পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ বিচ্ছেদৰ খবৰে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে বলিউডত । ঐশ্বৰ্য ৰায় বচ্চনৰ জন্মদিন বচ্চন পৰিয়ালে মহা ধুমধামেৰে পাতি আহিছিল কিন্ত্ত এইবাৰ ঐশ্বৰ্যৰ জন্মদিনত একো আয়োজন নকৰিলে বচ্ছন পৰিয়ালে । বৰঞ্চ ঐশ্বৰ্যই মাতৃ বৃন্দা ৰায় আৰু কন্যা আৰাধ্যাৰ সৈতে জন্মদিনৰ দিনটো অতিবাহিত কৰে । কিন্তু বিগ বি পৰিয়ালৰ এই অশান্তিৰ মাজতে অভিষেক বচ্চনে সংঘটিত কৰা আন এক কাণ্ড শেহতীয়াকৈ চৰ্চালৈ আহিছে । অভিষেকে পত্নী ঐশ্বৰ্যৰ প্ৰাক্তন প্ৰেমিক ছলমান খানক অলপতে এটা অনুষ্ঠানত লগ পায় আলিংগন কৰে ।
বলিউডত এসময়ৰ সৰ্বাধিক চৰ্চিত যুটি আছিল ছলমান খান আৰু ঐশ্বৰ্য ৰায়ৰ যুটি ।সংবাদ মাধ্যমত দুয়োৰে সম্পৰ্কই প্ৰায়েই শিৰোনাম দখল কৰিছিল। ‘হাম দিল দে চুকে সনম’ চিনামাখনত শ্বুটিং কৰি থকাৰ সময়তে ছলমান খান আৰু ঐশ্বৰ্য ৰায়ৰ মাজত এক সম্পৰ্ক গঢ় লৈ উঠিছিল। কিন্ত্ত ইয়াৰ মাজতে ছলমানে ঐশ্বৰ্যক মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ খবৰো বিয়পি পৰিছিল । সেই সময়ত অকল বলিউডেই নহয় সমগ্ৰ বিনোদন জগতখনকে জোকাৰি গৈছিল ছলমান খান আৰু ঐশ্বৰ্য ৰায়ৰ সম্পৰ্কৰ খবৰে । ২০০৪ চনত সেই সম্পৰ্কৰ অন্ত পেলায় ২০০৭ চনত অভিষেকৰ সৈতে বিবাহপাশত আবদ্ধ হয় ঐশ্বৰ্য ৰায়। বিবাহৰ প্ৰায় ১৬ বছৰ পাছত বিগ বি পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ সম্পৰ্কক লৈ চলিছে ব্যাপক চৰ্চা ।
শেহতীয়াকৈ বিখ্যাত প্ৰযোজক আনন্দ পণ্ডিতৰ জন্মদিনত অভিষেকে ছলমানৰ সৈতে আড্ডা দিয়া খবৰ আৰু ফটো ভাইৰেল হৈছে সামাজিক মাধ্যমত। আনন্দ পণ্ডিতৰ জন্মদিনত পুত্ৰ অভিষেকৰ সৈতে অমিতাভ বচ্চনো উপস্থিত আছিল ।সেই অনুষ্ঠানতে ছলমান খানক লগ পাই পিতা-পুত্ৰ দুয়োগৰাকীয়ে সাৱটি ধৰে ছলমানক। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ছবি সমূহে হাঁহিৰ খোৰাক জগাইছে নেটিজেনৰ মাজত । একাংশই আকৌ ঐশ্বৰ্যৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে।