ক্ৰিকেটত সংযোজন ঘটিছে নতুন যুগৰ ৰঙীন ষ্টাম্প।

সলনি হৈছে ক্ৰিকেট।এইবাৰ ক্ৰিকেটত প্ৰৱেশ ঘটিছে নতুন যুগৰ ৰঙীন ষ্টাম্প। অষ্ট্ৰেলিয়াৰ টি-২০ ‘বিগ বেছ লীগ’ত জিলিকি উঠিছে নতুন ৰঙীন ষ্টাম্প। ইলেক্ট্ৰা  ষ্টাম্পছ  (ELECTRA STUMPS ) হিচাপে পৰিচিত এই ষ্টাম্পৰ বিশেষত্ব হ’ল প্ৰতিটো ক্ষেত্ৰতে ৰং সলনি কৰি দেখুৱায় ইলেক্ট্ৰা ষ্টাম্পছে । চাৰি আৰু ছয়ৰ  আৰু  ন’ বলত সলনি হয় ষ্টাম্পছৰ ৰং ।

 বিগ বেছ লীগৰ প্ৰাক মুহুৰ্তত মাৰ্ক ৱা আৰু মাইকেল ভ’গানে এই ষ্টাম্পৰ বিষয়ে বিতংকৈ বুজাই দিয়ে। মাইকেল ভ’গানে কয় যে,  মহিলাৰ বিগ বেছত এই ষ্টাম্প ব্যৱহাৰ কৰা হৈছে যদিও পুৰুষৰ ক্ৰিকেট প্ৰতিযোগিতাত এইবাৰ এই ষ্টাম্প ব্যৱহাৰ কৰা হ’ব। মাৰ্ক ৱাফে  জানিবলৈ দিয়ামতে, কোনো খেলুৱৈ আউট হ’লে ষ্টাম্পবোৰ ৰঙা ৰঙৰ  পোহৰেৰে জিলিকি উঠিব ।

 চাৰি–বলে বেট এৰি বাউণ্ডেৰী স্পৰ্শ কৰাৰ লগে লগে এই ইলেক্ট্ৰা  ষ্টাম্পছ ত বিভিন্ন ধৰণৰ লাইট দ্ৰুতগতিত সলনি হব ।

ছয়–যেতিয়া বলটো বেটৰ পৰা ওলাই পোনে পোনে বাউণ্ডেৰীৰ ওপৰেৰে বাহিৰলৈ যায়, তেতিয়া এই ষ্টাম্পবোৰত বিভিন্ন ৰং সলনি হয় ।

ন’ বল– ন’ বলৰ সংকেত আম্পায়াৰৰ পৰা লাভ কৰাৰ লগে লগে  এই ষ্টাম্পবোৰত ৰঙা আৰু বগা ৰঙৰ লাইট স্ক্ৰ’ল হব।

ইলেক্ট্ৰা  ষ্টাম্পছত এটা অভাৰৰ শেষ আৰু পৰৱৰ্তী অভাৰৰ আৰম্ভণিৰ মাজত

ষ্টাম্পত বেঙুনীয়া আৰু নীলা ৰঙৰ লাইট জ্বলি উঠিব।

Comments (0)
Add Comment