জীৱ শ্ৰেষ্ঠ মানৱৰ নৃশংসতা। বিহ দি হত্যা কৰিলে অৰ্ধশতাধিক পোহনীয়া কুকুৰা । বেগত ভৰাই মৃত কুকুৰা লৈ হাজো আৰক্ষী থানাত এজাহাৰ দাখিল । হাজোৰ হাবলাখাত কীটনাশক দ্ৰব্য খুওৱাই প্ৰায় অৰ্ধশতাধিক কুকুৰাৰ হত্যা ।
হাবলাখা গাঁওৰ পূব চুবুৰীৰ ৰচিদ আলী আৰু তেওৰ দুগৰাকী ভাতৃযে ধানৰ কঠিয়া সিঁচি তলিৰ বেৰৰ বাহিৰত বিষাক্ত কীটনাশক দ্ৰব্য ফুৰাডন ধানৰ লগত মিহলি কৰি ছটিয়াই ৰাখিছিল । এই কীটনাশক দ্ৰব্যৰ বাবেই কুকুৰাৰ মৃত্যু হোৱাৰ অভিযোগ কুকুৰাৰ গৰাকীৰ।
ফুৰাডন মিহলোৱা ধান খাই প্ৰায় অৰ্ধশতাধিক কুকুৰাৰ মৃত্যু হোৱাৰ অভিযোগ তুলি কুকুৰাৰ গৰাকীয়ে হাজো আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ । ইতিমধ্যে হাজো আৰক্ষী থানাৰ আৰক্ষীযে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।