শনিবাৰে পূব ইণ্ডোনেছিয়াৰ চুলাৱেছি প্ৰদেশৰ মোৰোৱালি ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত সংঘটিত হয় এক বৃহৎ বিস্ফোৰণ। এই বিস্ফোৰণৰ ফলত কমেও ১৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৯ জন লোক আহত হৈছে।
মাৰোৱালী পাৰ্কৰ এগৰাকী বিষয়াই জনোৱা মতে, ২৩ ডিচেম্বৰৰ পুৱা ৫.৩০ বজাত ইণ্ডোনেছিয়া চিংছান ষ্টেইনলেছ ষ্টীলৰ মালিকানাধীন এটা উদ্যোগত সংঘটিত হয় এই ঘটনা।
মোৰোৱালী আই টি পাৰ্কৰ মুখপাত্ৰ ডেডী কুৰ্নিয়াৱানে জনোৱা মতে, বৰ্তমানলৈকে এই ঘটনাৰ ভুক্তভোগীৰ সংখ্যা ৫১ জন। এই ঘটনাৰ বাবে ১৩ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰি ৩৯ জন লোক আহত হৈছে। আহতসকলৰ চিকিৎসা চলি আছে।
বিবৃতিটোত আৰু কোৱা হৈছে যে এই দুৰ্ঘটনাত ৫ জন বিদেশী শ্ৰমিকৰো মৃত্যু হৈছে। বিদেশী মূলৰ কৰ্মচাৰীসকলৰ পৰিচয় গোপনে ৰখা হৈছে।
শনিবাৰে সংঘটিত হোৱা অগ্নিকাণ্ড সম্প্ৰতি নিয়ন্ত্ৰণলৈ অনা হৈছে। চিনাক্ত কৰা মৃতদেহকেইটা নিজ নিজ পৰিয়াল তথা আত্মীয়ক ঘূৰাই পঠিওৱা হৈছে।