কাশ্মীৰত টাৰ্গেট কিলিঙৰ হত্যাৰ আন এক ঘটনা পোহৰলৈ আহিছে। শেহতীয়াকৈ এই ঘটনা সংঘটিত হৈছে বাৰামুলাত। ইয়াত সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ এজন প্ৰাক্তন আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰিছে। নিহত লোকজনৰ নাম মহম্মদ শ্বাফি।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু সেনাই অঞ্চলটো চাৰিওফালৰ পৰা ঘেৰাও কৰিছে। আৰু সন্ত্রাসবাদীক ধৰিবলৈ তালাচী অভিযান চলোৱা হৈছে৷
জানিব পৰা মতে, মছজিদত নামাজ পঢ়ি থকা সময়তে মহম্মদ শ্বাফীক সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল।
উল্লেখযোগ্য যে জম্মু-কাশ্মীৰত ক্ৰমাৎ বৃদ্ধি পাই অহা হিংসাত্মক পৰিস্থিতিৰ বাবে পাকিস্তানক দোষাৰোপ কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই।
চৰকাৰী এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমক জনাইছিল যে কাশ্মীৰত হিংসাৰ মাত্ৰা বৃদ্ধি পাইছে, কিন্তু সেয়া জেহাদ নহয়। এই কাম কৰি আছে একাংশ হতাশগ্ৰস্ত লোকে। হিংসাত্মক কাৰ্যকলাপ সীমান্তৰ সীপাৰৰ পৰা সংঘটিত হৈ আহিছে।