মহিলা টেষ্ট ক্ৰিকেটত অষ্ট্ৰেলিয়াক ৮ উইকেটত পৰাস্ত কৰে ইতিহাস ৰচিছে ভাৰতীয় দলে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলৰ এয়া প্ৰথম টেষ্ট জয়।
মুম্বাইত অনুষ্ঠিত হোৱা মেচখনত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ২১৯ ৰান আৰু দ্বিতীয় ইনিংছত ২৬১ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে প্ৰথম ইনিংছত ৪০৬ ৰান আৰু দ্বিতীয় ইনিংছত ২ উইকেট হেৰুৱাই সহজ লক্ষ্যত উপনীত হয়।
ভাৰতৰ হৈ স্মৃতি মান্ধনা, জেমিমাহ ৰড্ৰিগেজ, ৰেনুকা সিং আৰু স্নেহ ৰাণাই চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়ায়।
উল্লেখ্য যে, প্ৰথম ইনিংছত ২১৯ ৰানতে অলআউট হৈছিল অষ্ট্ৰেলিয়া। দলৰ হৈ তাহিল মেগ্ৰাথে সৰ্বাধিক ৫০ ৰান আৰু মুনীয়ে ৪০ ৰানৰ ইনিংছ খেলিছিল।
দ্বিতীয় ইনিংছত ২৬১ ৰান সংগ্ৰহ কৰাৰ পিছতে দলটো অলআউট হয়। দ্বিতীয় ইনিংছত তাহিলাই ৭৩ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ এলিছ পেৰীয়ে ৪৫ ৰানৰ বৰঙণি আগবঢ়ায়।
ইফালে ভাৰতৰ হৈ পূজা বষ্ট্ৰকাৰে প্ৰথম ইনিংছত ৪টা, স্নেহ ৰাণাই ৩টা আৰু দীপ্তি শৰ্মাই লাভ কৰে ২টা উইকেট। আনহাতে দ্বিতীয় ইনিংছত স্নেহে ৪টা আৰু ৰাজেশ্বৰ গাইকৱাড আৰু হৰমনপ্ৰীতে দুটাকৈ উইকেট দখল কৰে। পূজাই এটা উইকেট লাভ কৰে।
উল্লেখ্য যে, ভাৰতে প্ৰথম ইনিংছত ৪০৬ ৰান সংগ্ৰহ কৰিছিল। অ’পেনাৰ মান্ধনাই ৭৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ছাফালী বাৰ্মাই ৪০ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল।
ইয়াৰ উপৰি ৰিচা ঘোষে ৫২, জেমিমা ৰড্ৰিগেজে ৭৩, দীপ্তি শৰ্মাই ৭৮ আৰু পূজা বষ্ট্ৰকৰে ৪৭ ৰান সংগ্ৰহ কৰে।
অষ্ট্ৰেলিয়াই বান্ধি দিয়া ৭৫ ৰানৰ লক্ষ্য পিছা কৰিবলৈ আহি মান্ধনাৰ সৰ্বাধিক ৪০ ৰানৰ সহায়ত দুটা উইকেট হেৰুৱাই ভাৰতে বিজয় লক্ষ্যত উপনীত হয়।