ৰুম হিটাৰে শেষ কৰিলে এটা পৰিয়াল; দুমহীয়া শিশুসহ তিনিজনৰ কৰুণ মৃত্যু। ISHAN NEWS…

হাড় কঁপোৱা জাৰৰ পৰা পৰিত্ৰাণ পাবলৈ বহু লোকে শোৱনি কোঠাত ব্যৱহাৰ কৰে হিটাৰ। কিন্তু বহু সময়ত এই হিটাৰ দুৰ্ঘটনাৰো কাৰণ হৈ পৰে। হিটাৰৰ বাবে ৰাজস্থানৰ আলৱাৰত স্বামী-স্ত্ৰী আৰু দুমহীয়া কন্যাই প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

শুই থকা অৱস্থাত হিটাৰত জুই লগাত পিতৃ আৰু কন্যাৰ ঘটনাস্থলতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়ত চিকিৎসাৰ সময়ত পত্নীৰ মৃত্যু ঘটে।

শেখপুৰ থানা এলেকাৰ মুণ্ডানা গাঁৱত সংঘটিত হৈছে এই ঘটনা। মুণ্ডানাত বাস কৰা দীপকে দুবছৰ পূৰ্বে জয়পুৰৰ সঞ্জু যাদৱৰ সৈতে প্ৰেম বিবাহত আৱদ্ধ হৈছিল। দুমাহ পূৰ্বে তেওঁলোকৰ এগৰাকী কন্যা সন্তান জন্ম হৈছিল।

তেওঁলোকে ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ কোঠাটোত হিটাৰ জ্বলাই শুই আছিল। কিন্তু নিশা হঠা হিটাৰত জুই লাগে আৰু জুইয়ে গোটেই কোঠাটো আগুৰি ধৰে, যাৰ ফলত তিনিজনীয়া পৰিয়ালটো নিঃশেষ হৈ যায়।

Comments (0)
Add Comment