দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ইতিহাস ৰচাৰ সুযোগ কোহলী-ৰোহিত শৰ্মাৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আজিৰ পৰা আৰম্ভ হ’ব টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ। ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২ খন টেষ্ট মেচৰ শৃংখলা খেলিব।

এই পৰ্যন্ত ভাৰতে দক্ষিণ আফ্ৰিকাত এটাও টেষ্ট শৃংখলা জয়ী হ’বলৈ সক্ষম হোৱা নাই। এনে পৰিস্থিতিত এইবাৰ টিম ইণ্ডিয়াই টেষ্ট শৃংখলা জয়ৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব।

এতিয়ালৈকে দুয়োটা দলৰ মাজত মুঠ ৪২খন টেষ্ট মেচ অনুষ্ঠিত হৈছে য’ত ভাৰতীয় দলটোৱে ১৫খন মেচত জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ দলটোৱে ১৭খন মেচত জয়লাভ কৰিছে। ইয়াৰ উপৰি ১০খন টেষ্ট মেচ ড্ৰ’ৰূপে সমাপ্ত হৈছে।

ইফালে আজিৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাটোত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই বিশেষ কৃতিত্ব ৰচাৰ সুযোগ পাব।

এই টেষ্ট শৃংখলাত যদি ৰোহিত শৰ্মাই শতক অৰ্জন কৰাত সফল হয়, তেন্তে তেওঁ দক্ষিণ আফ্ৰিকাত শতক অৰ্জন কৰাৰ কৃতিত্ব লাভ কৰা তৃতীয়জন ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হ’ব।

এতিয়ালৈকে এনে কৃতিত্ব কৰিছে শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলিয়ে। অৰ্থাৎ ৰোহিতে শচীন আৰু কোহলীৰ অভিলেখ স্পৰ্শ কৰাৰ সুযোগ পাব।

ইয়াৰ উপৰি এই টেষ্ট শৃংখলাত যদি ৰোহিতে ১৪টা ছয় কোবাবলৈ সক্ষম হয়, তেন্তে তেওঁ হ’ব টেষ্টত ভাৰতৰ হৈ সৰ্বাধিক ছয় কোবোৱা বেটছমেন। এই পৰ্যন্ত টেষ্টত ৰোহিতে ৭৭টা ছয় কোবাইছে।

সৰ্বাধিক ছয় কোবোৱাৰ ক্ষেত্ৰত বীৰেন্দ্ৰ ছেহৱাগ এক নম্বৰত আছে। টেষ্ট কেৰিয়াৰত ৯০টা ছয় কোবাইছে ছেহৱাগে। দুই নম্বৰত আছে ধোনী, ভাৰতীয় প্রাক্তন অধিনায়কগৰাকীয়ে টেষ্টত ৭৮টা ছয় কোবাইছে৷ অৰ্থাৎ ৰোহিত শৰ্মাই দুটা ছয় কোবোৱাৰ লগে লগে ধোনীক অতিক্ৰম কৰিব।

ইফালে বিৰাট কোহলীয়ে ৰাহুল দ্ৰাবিড়ক অতিক্ৰম কৰাৰ সুযোগ পাব। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত শচীন তেণ্ডুলকাৰ প্ৰথম স্থানত আছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ১৭৪১ ৰান সংগ্ৰহ কৰিছে শচীনে। একে সময়তে এই পৰ্যন্ত কোহলীৰ নামত আছে মুঠ ১২৩৬ ৰান।

আনহাতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ৰাহুল দ্ৰাবিড়ে ১২৫২ ৰান সংগ্ৰহ কৰিছে। কোহলীয়ে ১৭ ৰান সংগ্ৰহ কৰাৰ লগে লগে ৰাহুল দ্ৰাবিড়ক অতিক্ৰম কৰিবলৈ সক্ষম হ’ব।

Comments (0)
Add Comment