উত্তৰাখণ্ডত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। ডেৰাডুনৰ সমীপৰ চিংগলী গাঁৱত মঙলবাৰে সন্ধিয়া এটি শিশুক নিজৰ ঘৰৰ চোতালৰ পৰা এটা নাহৰফুটুকীয়ে ডাঙি লৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে।
ঘটনা সংঘটিত হোৱাৰ লগে লগে পৰিয়ালৰ লোকে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। লগে লগে মহানগৰীৰ সকলো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু চিঅ’কে ধৰি এছ পি ক্ৰাইমৰ নেতৃত্বত অনুসন্ধান অভিযান চলায়।
আৰক্ষীয়ে ওৰে নিশা ৪ বছৰীয়া অয়ংশক বিচাৰি সমীপৰ অঞ্চলৰ লগতে জংঘলত অভিযান অব্যাহত ৰাখে যদিও শিশুটিৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়। কিন্তু আজি পুৱা জংঘলত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ।
এছ এছ পি অজয় সিঙে জনোৱা মতে, এটা হিংস্ৰ জন্তুৱে শিশুক লৈ যোৱাৰ তথ্য লাভ কৰিছিলো। এই তথ্যৰ গুৰুত্ব আৰু সংবেদনশীলতাক বিবেচনা কৰি তৎক্ষণাত মহানগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু চি অ’ক মাতি আনি এছ পি ক্ৰাইমৰ নেতৃত্বত সন্ধান অভিযানত নিয়োগ কৰা হয়।
আৰক্ষীয়ে শিশুটিৰ সন্ধানত অবিৰতভাৱে হাবি আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত অভিযান চলাইছিল। গোটেই নিশা আৰক্ষীয়ে তালাচী অভিযান চলাই যদিও বুধবাৰে পুৱা শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়।
নাহৰফুটুকীৰ আক্ৰমণত শিশুটিৰ মৃত্যুৰ বাবে পৰিয়ালটোত শোকৰ বন্যা বৈছে।