বানপানী আৰু বৰষুণৰ ফলত বিধ্বংসী ৰূপ ধাৰণ কৰিছে আফ্ৰিকাৰ দেশ কংগোত। বান আৰু বৰষুণৰ ফলত বিস্তৰ ক্ষতি হৈছে মানুহৰ ঘৰ-দুৱাৰ, দোকান-পোহাৰ আদি।
এই ভয়াবহ দুৰ্যোগত এই পৰ্যন্ত ২২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৪০০ৰো অধিক নিৰুদ্দেশ হোৱা লোকৰ সন্ধান অব্যাহত আছে।
মঙলবাৰে এই তথ্য দি স্থানীয় এজন বিষয়াই কয় যে আফ্ৰিকাৰ দেশ কংগোত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হোৱা বানত কমেও ২২ জন লোকৰ মৃত্যু হৈছে।
কাছাই চেণ্ট্ৰেল প্ৰদেশৰ ৰাজ্যপাল জন কাবেয়াই কয় যে কানাংগা জিলাত ঘণ্টাৰ পিছত ঘণ্টা ধৰি হোৱা বৰষুণে বহু ঘৰ-দুৱাৰ আৰু নতুনকৈ নিৰ্মাণ হৈ থকা বিভিন্ন ঘৰ-দুৱাৰ ধ্বংস কৰে।
তেওঁ অৱগত কৰে যে অঞ্চলটোত উদ্ধাৰ অভিযান চলাই থকা হৈছে। প্ৰথম অৱস্থাত ১৭ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছিল যদিও মঙলবাৰে আৰু ৫ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে।