১৪ জানুৱাৰিৰ পৰা ৰাহুল গান্ধীৰ ‘ভাৰত ন্যায় যাত্ৰা’; মণিপুৰৰ পৰা হ’ব আৰম্ভ

২০২৪ লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰৰ মন জয় কৰিবলৈ আন এক অভিনৱ পন্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে কংগ্ৰেছ দল। ভাৰত জোড়ো যাত্ৰাৰ পিছত এইবাৰ কংগ্ৰেছ দলে ১৪ জানুৱাৰিৰ পৰা ২০ মাৰ্চলৈ আয়োজন কৰিছে ‘ভাৰত ন্যায় যাত্ৰা’।

মণিপুৰৰ পৰা আৰম্ভ কৰিবলগীয়া এই যাত্ৰাৰ অন্ত পৰিব মুম্বাইত। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে চি বেনুগোপালে এই কথা জানিবলৈ দিয়ে।

‘ভাৰত ন্যায় যাত্ৰা’ অসম, পশ্চিম বংগ, বিহাৰ, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু গুজৰাটসহ মুঠ ১৪খন ৰাজ্যৰ মাজেৰে ৬,২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব।

অধিক সংখ্যক ঠাই বাছেৰে ভ্ৰমণ কৰা হ’ব আৰু কিছি কিছু ঠাইত পদযাত্ৰা কৰা হ’ব। কংগ্ৰেছ নেতাগৰাকীয়ে এই কথা জনায়।

দেশৰ উত্তৰ-পূব আৰু পশ্চিমৰ ৰাজ্যসমূহত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাহুল গান্ধীয়ে এই যাত্ৰা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াক ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় পাৰ্ট বুলি অভিহিত কৰা হৈছে।

কংগ্ৰেছ দলৰ তথ্য অনুসৰি ‘ভাৰত ন্যায় যাত্ৰা’ৰ সময়ত ৰাহুল গান্ধীয়ে ১৪খন ৰাজ্য আৰু ৮৫খন জিলা সামৰি ল’ব। তেওঁ যি ৰাজ্যৰ মাজেৰে পাৰ হ’ব সেই ৰাজ্যসমূহৰ ভিতৰত আছে মণিপুৰ, নাগালেণ্ড, অসম, মেঘালয়, পশ্চিম বংগ, বিহাৰ, ওড়িশা, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, গুজৰাট আৰু মহাৰাষ্ট্ৰ।

Comments (0)
Add Comment