শোণিতপুৰৰ বালিপৰাত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ সময়তে সংঘটিত হৈছে কৰুণ ঘটনা। সংগীত পৰিৱেশন কৰি থকাৰ মাজতে নিশা বালিপৰাৰ পৃথক পৃথক স্থানত সংঘটিত হয় কেইবাটাও পথ দুৰ্ঘটনা।
এই পথ দুৰ্ঘটনাত পাঁচজনকৈ যুৱকে প্ৰাণ হেৰুৱায়। পথ দুৰ্ঘটনাত নিহতসকলক ক্ৰমে কাচেম আলী, ৰজ ইছলাম, বিপুল দাস, দেৱজিৎ বসুমতাৰী আৰু চৰফুং বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে।
বালিপৰাত সংঘটিত দুৰ্ঘটনাৰ বৰ্তমানলৈকে কোনো সঠিক তথ্য পাবলৈ সক্ষম হোৱা নাই আৰক্ষী।
ইতিমধ্যে তিনিজন যুৱকক মৰণোত্তৰ পৰিক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰিছে যদিও দুটা মৃতদেহ বৰ্তমানেও চাৰিদুৱাৰ আৰক্ষী থানাত ৰখা হৈছে।
মৃত কাচেম আলী আৰু ৰজ ইছলামৰ ঘৰ গুদামঘাটত, দেৱজিৎ বসুমতাৰীৰ ঘৰ দক্ষিণ আমলগাত, চৰফুং বসুমতাৰীৰ ঘৰ কটন মিলত আৰু বিপুল দাসৰ ঘৰ ঢেকেৰীগাঁৱত বুলি জানিব পৰা গৈছে।
পৃথক পৃথক স্থানত সংঘটিত পথ দুৰ্ঘটনাত পাঁচজনকৈ যুৱকে প্ৰাণ হেৰুওৱা ঘটনাই অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, বালিপৰা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠান উপলক্ষ্যে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল জুবিন গাৰ্গে।