কেনে হ’ব ২০২৪ বৰ্ষটো? পুটিনৰ হত্যাৰ প্ৰচেষ্টাৰ পৰা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগলৈকে… বাবা ভাংগাৰ ১০টা বৃহৎ ভৱিষ্যদ্বাণী

নৱবৰ্ষলৈ মাজত মাথো কেইটামান দিন। কেনে হব ২০২৪ বৰ্ষটো?  ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ওপৰত হত্যাৰ প্ৰচেষ্টাৰ পৰা আৰম্ভ কৰি ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগলৈকে  কেইবাটাও ভৱিষ্যতবাণী কৰি থৈ গৈছে বাবা ভাংগাই।

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী মতে, অহা বৰ্ষত ৰাছিয়াৰ একাংশ লোকে ৰাষ্ট্ৰপতি পুটিনৰ হত্যাৰ প্ৰচেষ্টা চলাব। ইয়াৰ উপৰি ইউৰোপত বৃদ্ধি হ’ব সন্ত্ৰাসবাদী কাৰ্যকলাপ।লগতে এখন শক্তিশালী দেশে জৈৱিক অস্ত্ৰপৰীক্ষা বা আক্ৰমণ কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছে বাবা ভাংগাই।

২০২৪ বৰ্ষত  প্ৰাকৃতিক দুৰ্যোগ আৰু বিকিৰণৰ স্তৰ বৃদ্ধি হ’ব ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই। বিশ্বব্যাপী উত্তেজনা,  বৰ্ধিত ঋণ, পশ্চিমৰ পৰা পূবলৈ শক্তিৰ পৰিৱৰ্তন, লগতে এক অৰ্থনৈতিক সংকট দেখা দিয়াৰ আশংকা প্ৰকাশ কৰিছে। নতুন বছৰত কোৱাণ্টাম কম্পিউটিঙত বিশ্বই বৃহত্ সফলতা লাভ কৰিব বুলিও ভৱিষ্যদ্বাণী কৰি থৈ গৈছে বাবা ভাংগাই।

২০২৪ চনত বিশ্বই কৰ্কট ৰোগ আৰু আলঝেইমাৰৰ দৰে গুৰুতৰ ৰোগৰ ঔষধ লাভ কৰিব। মিডিয়া ৰিপোৰ্ট মতে, বাবা ভাংগাৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২৫ চনৰ পৰা ২০২৮ চনৰ ভিতৰত সমাধা হব বিশ্বৰ ক্ষুধা সমস্যা।

উল্লেখ্য ১৯৯৬ চনতে বুলগেৰিয়াৰ এইজন বাবা ভাংগাৰ মৃত্যু হৈছে যদিও তেওঁৰ ভৱিষ্যদ্বাণী অবিৰতভাৱে সত্য বু‌লি প্ৰমা‌ণিত হৈ আহিছে। তথ্য অনুসৰি বাবা ভাংগাৰ ৮৫ শতাংশ ভৱিষ্যদ্বাণী সত্য প্ৰমা‌ণিত হৈছে।  বুলগেৰিয়াত জন্মগ্ৰহণ কৰা বাবা ভাংগাই শৈশৱ কালতে দ‌ুয়োটা চকু হেৰুৱাই পেলাইছিল। আফ্ৰিকান-আমেৰিকান মূলৰ বাৰাক ওবামাৰ ৰাজ অভিষেকৰ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি পদলৈ সমগ্ৰ ঘটনা প্ৰৱাহৰ ভৱিষ্যদ্বাণী ক‌ৰি‌ছিল। আমেৰিকাত সন্ত্ৰাসবাদী আক্ৰমণ, ১৯৬৮ চনৰ লেবাননৰ গোষ্ঠী সংঘৰ্ষ, ১৯৭৯ চনৰ নিকাৰাগুয়া যুদ্ধ ,১৯৭৪ চনৰ চাইপ্ৰাছ বিবাদলৈ এত‌‌িয়ালৈকে সত্য বুল‌‌ি প্ৰমা‌ণিত ৱৈ আ‌‌হিছে। বাবা ভাংগাই আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ আসনত বহাৰ পৰা তেওঁৰ হত্যা কৰালৈকে ক‌ৰি থৈ যোৱা একা‌ধিক ভৱিষ্যদ্বাণী আখৰে আখৰে ‌ফলিয়াইছে। 

Comments (0)
Add Comment