ভাইৰেল ভিডিঅ’ক লৈ অভিনেতা ৰণবীৰ কাপুৰৰ বিৰুদ্ধে এজাহাৰ

বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে বুধবাৰে মুম্বাইৰ এখন থানাত দাখিল কৰা হৈছে এজাহাৰ। তেওঁলোকৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত হনাৰ অভিযোগ।

সঞ্জয় তিৱাৰী নামৰ এজন লোকে তেওঁৰ অধিবক্তা আশীষ ৰায় আৰু পংকজ মিশ্ৰৰ জৰিয়তে ঘাটকোপাৰ থানাত দাখিল কৰা এজাহাৰত দাবী কৰিছে যে বৰদিন উদযাপনৰ এটা ভাইৰেল ভিডিঅ’ত অভিনেতাজনে ‘জয় মাতা দি’ ধ্বনি দি কেকত সুৰা ঢালি জুই লগাইছে।

হিন্দু ধৰ্মত, আন দেৱতা সকলক পূজা কৰাৰ পূৰ্বে অগ্নি দেৱতাক পূজা কৰা হয়, কিন্তু কাপুৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে ইচ্ছাকৃতভাৱে আন এটা ধৰ্মৰ উৎসৱ উদযাপনৰ সময়ত মাদক দ্ৰব্য ব্যৱহাৰ কৰিছিল আৰু ‘জয় মাতা দি’ ধ্বনি দিছিল বুলি অভিযোগত উল্লেখ কৰা হয়।

ইয়াৰ ফলত অভিযোগকাৰীৰ ধৰ্মীয় আৱেগত আঘাত পোৱা বুলি অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, বৰদিনৰ দিনটোত ৰণবীৰ কাপুৰে তেওঁৰ পৰিয়ালৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল। পিছত আহাৰ গ্ৰহণৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। য’ত ৰণবীৰে কেকত সুৰা ঢালি, জুই লগাই জয় মাতা দি ধ্বনি দিয়া শুনা যায়।

এই ভিডিঅ’টোক লৈ বহু বিতৰ্কৰ সৃষ্টি হোৱাৰ লগতে অভিনেতাজন ট্ৰ’লৰ সন্মুখীনো হ’বলগীয়া হৈছে। 

উল্লেখ্য যে, অভিযোগকাৰীজনে অভিনেতাজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৫ (ক), ২৯৮, ৫০০ আৰু ৩৪ ধাৰাত গোচৰ ৰুজু কৰিবলৈ দাবী জনোৱাৰ পিছতো ঘটনা সন্দৰ্ভত এতিয়ালৈ গোচৰ ৰুজু কৰা নাই আৰক্ষীয়ে।

Comments (0)
Add Comment