চোৰাংচোৱা তথ্য সংগ্ৰহৰ বাবে ভাৰতৰ বৃহৎ প্ৰকল্প। ishan news…

শেহতীয়াকৈ বিজ্ঞানৰ ক্ষেত্ৰখনত ভাৰতে অব্যাহত ৰাখিছে ধাৰাবাহিক সফলতা । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এইবাৰ হাতত লৈছে আন এক বৃহৎ প্ৰকল্প । যিটো প্ৰকল্পৰ জৰিয়তে ভাৰতে উপগ্ৰহৰ সহায়ত চোৰাংচোৱা তথ্য সংগ্ৰহৰ বাবে অহা পাঁচ বছৰত ৫০টা উপগ্ৰহ উৎক্ষেপণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। ইছৰোৰ অধ্যক্ষ এছ. সোমনাথে বৃহস্পতিবাৰে এই কথা সদৰী কৰে ।

 ইছৰোৰ অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়া মতে, বিভিন্ন কক্ষপথত উপগ্ৰহৰ কেইবাটাও স্তৰ সৃষ্টি কৰা হ’ব ।এই উপগ্ৰহ সমূহৰ জৰিয়তে সৈন্যৰ গতিবিধি নিৰীক্ষণ কৰাৰ লগতে হাজাৰ হাজাৰ কিলোমিটাৰ বিশাল এলেকাৰ ফটো তুলিব পাৰিব ।বম্বেৰ IIT ৰ বাৰ্ষিক বিজ্ঞান আৰু প্ৰযুক্তি অনুষ্ঠান ‘টেকফেষ্ট’ক সম্বোধন কৰি ইছৰোৰ অধ্যক্ষ এছ. সোমনাথে এই কথা সদৰী কৰে।

ইছৰ’ৰ মুৰব্বী সোমনাথে কয় যে, যদি আমি অহা পাঁচ বছৰত ৫০টা উপগ্ৰহ বিভিন্ন  পৰ্যায়ত উৎক্ষেপণ কৰিব পাৰো তেতিয়া বাৰতে সন্মুখীন হৈ অহা ভাবুকিবোৰ  ক্ৰমে হ্ৰাস  হৈ যাব।

Comments (0)
Add Comment