পাকিস্তানৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী আনোৱাৰ উল হক কাকাৰে বৃহস্পতিবাৰে কৰিছে এক ডাঙৰ ঘোষণা। ইজৰাইলে ধাৰাবাহিকভাৱে আক্ৰমণ চলাই থকা গাজাৰ জনসাধাৰণৰ প্ৰতি সংহতি প্ৰকাশ কৰি পাকিস্তানত নৱবৰ্ষ উদযাপনত নিষেধাজ্ঞা আৰোপ কৰিছে দেশখনে।
দেশবাসীক সম্বোধন কৰি কাকাৰে পেলেষ্টাইনীসকলৰ সৈতে সংহতি আৰু নতুন বছৰত সংযম আৰু নম্ৰতা বজাই ৰাখিবলৈ আহ্বান জনায়।
তেওঁ কয় যে পেলেষ্টাইনৰ শোচনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু আমাৰ পেলেষ্টাইনী ভাই-ভনীসকলৰ সৈতে সংহতি প্ৰদৰ্শন কৰিবলৈ চৰকাৰে নতুন বছৰৰ বাবে যিকোনো ধৰণৰ অনুষ্ঠানত আয়োজনত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিব।
উল্লেখ্য যে, বিগত ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা ইজৰাইল আৰু হামাছৰ যুদ্ধত এতিয়ালৈকে হাজাৰ-হাজাৰ শিশু-মহিলাসহ ২১ হাজাৰৰো অধিক পেলেষ্টাইনী নাগৰিকৰ মৃত্যু ঘটিছে।
পেলেষ্টাইনৰ নিৰস্ত্ৰ লোকসকলৰ ওপৰত ইজৰাইলৰ সেনাই চলোৱা নৰসংহাৰত উদ্বিগ্ন হৈ পৰিছে পাকিস্তানৰ লগেত সমগ্ৰ মুছলিম দেশ। সেয়ে পেলেষ্টাইনৰ মুছলমান ভাই-ভনী সকলৰ প্ৰতি সংহতি প্ৰকাশ কৰি আগন্তুক নৱবৰ্ষ উদযাপনত বাধা আৰোপ কৰা হৈছে বুলি উল্লেখ কৰে কাকাৰে।