প্ৰথমবাৰৰ বাবে CISF ৰ সঞ্চালক প্ৰধানৰ দায়িত্বত এগৰাকী মহিলা

প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (CISF) ৰ সঞ্চালক প্ৰধানৰ দায়িত্ব অৰ্পণ কৰা হৈছে এগৰাকী মহিলাৰ ওপৰত।এই দায়িত্ব লাভ কৰিছে ৰাজস্থান কেডাৰৰ ১৯৮৯ বেটচৰ আই, পি, এছ বিষয়া নীনা সিঙে।সমগ্ৰ দেশৰ বিমানবন্দৰ, দিল্লী মেট্ৰ’ আৰু অন্যান্য চৰকাৰী ভৱনসমূহৰ নিৰাপত্তাৰ দায়িত্বত থাকিব নীনা সিং ।

২০১৩ চনৰ পৰা ২০১৮ চনলৈ চি,বি,আইৰ যুটীয়া সঞ্চালিকাৰ দায়িত্বত আছিল নীনা সিং। ২০২০ চনত নীনা সিঙে কৰ্মক্ষেত্ৰত দেখুওৱা দক্ষতাৰ বাবে অতি উৎকৰ্ষতা সেৱা পদক লাভ কৰে।

২০০০ চনত ৰাজস্থান মহিলা আয়োগৰ সদস্য সচিব হিচাপে নিযুক্তি লাভ কৰা নীনা সিঙে সেই সময়ত মহিলাসকলৰ বাবে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছিল। এই অনুষ্ঠানৰ অধীনত মহিলা আয়োগৰ সদস্যসকল বিভিন্ন জিলালৈ গৈ মহিলাসকলৰ সৈতে কথা পাতি,  তেওঁলোকৰ সমস্যাৰ বুজ লোৱাৰ লগতে সমস্যা সমূহ সমাধানৰ চেষ্টা কৰিছিল।

নীনা সিঙে ২০০৫-২০০৬ চনত মেছাচ্যুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিৰ বাবে আৰক্ষী থানাসমূহ জনসাধাৰণৰ বাবে সহজ কৰি তোলাৰ প্ৰকল্পত কাম কৰিছিল।

আই পি এছ নীনা সিঙৰ স্বামী ৰোহিত কুমাৰ সিং ৰাজস্থান কেডাৰৰ এগৰাকী আই, এ, এছ বিষয়া । ক’ৰ’না মহামাৰীৰ প্ৰথম ঢৌৰ সময়ত ৰাজস্থানৰ প্ৰধান সচিব (স্বাস্থ্য) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰোহিত কুমাৰ সিঙে।

Comments (0)
Add Comment