কেৱল প্ৰধানমন্ত্ৰী মোদীহে ইজৰাইল-গাজাৰ যুদ্ধ বন্ধ কৰিব পাৰিব! প্ৰধানমন্ত্ৰী মোদীৰ সহায় বিচাৰিলে ইমামে

এতিয়াও শেষ হোৱা নাই হামাছ আৰু ইজৰাইলৰ মাজৰ যুদ্ধ। গাজাৰ ওপৰত চলিযেই আছে ইজৰাইলৰ আক্ৰমণ। মুছলিম দেশসমূহে ইজৰাইলক আক্ৰমণ বন্ধ কৰিবলৈ দাবী জনাইছে যদিও ইজৰাইলে হামাছক নিঃশেষ নকৰা পৰ্যন্ত আক্ৰমণ চলাই থাকিব বুলি স্পষ্ট কৰি দিছে।

ইজৰাইল হামাছৰ যুদ্ধ অন্ত পেলাবলৈ এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপ বিচাৰিলে এগৰাকী ইমামে। দিল্লীৰ জামা মছজিদৰ শ্বাহী ইমাম চৈয়দ আহমেদ বুখাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গাজা যুদ্ধৰ সমাপ্তি আৰু সংঘাতৰ স্থায়ী সমাধান বিচাৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে কূটনৈতিকভাৱে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। মুছলমান বিশ্বই ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘাত কৰীভাৱে সমাপ্ত কৰিবলৈ নিজৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ তুলিছে বুখাৰীয়ে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে থকা ব্যক্তিগত সম্পৰ্কৰ আধাৰত প্ৰধানমন্ত্ৰী মোদীয়ে যুদ্ধ বন্ধ কৰিবলৈ হেঁচা দিব লাগে বুলি তেওঁ মত প্ৰকাশ কৰিছে।

চৈয়দ আহমেদ বুখাৰীয়ে ৰাষ্ট্ৰসংঘ,  আৰৱ লীগ আৰু Gulf Cooperation Council-ৰ প্ৰস্তাৱৰ জৰিয়তে পেলেষ্টাইন সমস্যাৰ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে তেওঁ যুদ্ধত হাজাৰ হাজাৰ পেলেষ্টাইনী নাগৰিকৰ মৃত্যুক লৈ উদ্বেগ প্ৰকাশ কৰে।

Comments (0)
Add Comment