অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে আজি অৰ্থাৎ শনিবাৰে অযোধ্যাত উপস্থিত হৈ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।
প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যা ভ্ৰমণসূচীৰ মাজতে দলিত মহিলা মীৰা মাঝীক সাক্ষাৎ কৰি ঘৰত তপতোৱা চাহৰ জুতি লয়। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ ১০ কোটি হিতাধিকাৰীৰ মাজৰে এগৰাকী হিতাধিকাৰী মীৰা মাঝী।
প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যাত ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোড শ্ব’তো আজি অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যা ৰেল ষ্টেচনৰ নতুন ভৱনৰো শুভ উদ্বোধন কৰে । একে সময়তে ২খন অমৃত ভাৰত আৰু ৬ খন বন্দে ভাৰত ৰে’লৰো ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।
অযোধ্যাত আজি প্ৰধানমন্ত্ৰী মোডীক বাবৰি মছজিদ গোচৰৰ বিবাদী হাছিম আনছাৰীৰ পুত্ৰ ইকবাল আনছাৰীয়ে আদৰণি জনায় । অযোধ্যাই আজি সকলোলৈকে এটা বাৰ্তা প্ৰেৰণ কৰিছে বুলি উল্লেখ কৰি আনছাৰীয়ে কয় যে, অযোধ্যাত হিন্দু-মুছলমান সকলো একেলগে থাকে আৰু ইজনে সিজনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
উল্লেখযোগ্য যে, ইকবাল আনছাৰী বাবৰি মছজিদৰ সপক্ষে আছিল আৰু মাটি মন্দিৰক দিয়াৰ বিৰোধীতা কৰিছিল।২০২০ চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ ভূমি পূজনৰ বাবে অযোধ্যাত উপস্থিত হৈছিল তেতিয়াও প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাইছিল ইকবাল আনছাৰীয়ে ।