ৰাজপথত বিধায়কৰ দেহৰক্ষীৰ দাদাগিৰি! বিজেপিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ আৰু তেওঁৰ দেহৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ৷ বিধায়কগৰাকীৰ দেহৰক্ষীয়ে আপৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাক ৰাজপথত আগচি ভাবুকি দিয়াৰ অভিযোগ উঠিছে।
অভিযোগ অনুসৰি, গুৱাহাটীৰ পৰা নাৰায়ণপুৰ অভিমুখে আহি থকা সময়ত নগাঁৱৰ আমনিত অম্লানজ্যোতিৰ গাড়ী আগচি ধৰি দেহৰক্ষীয়ে প্ৰহাৰ কৰাৰ চেষ্টা চলায়৷ এই সন্দৰ্ভত নাৰায়নপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে অম্লানজ্যোতি হাতীবৰুৱাই ৷বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ,আৰু দুজন দেহৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আপৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাই ৷