দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এক বেয়া খবৰ। ভাৰতীয় দলৰ অলৰাউণ্ডাৰ শাৰ্দুল ঠাকুৰ আঘাতপ্ৰাপ্ত হৈছে।
বেটিং অনুশীলন কৰি থকাৰ সময়ত শাৰ্দুল ঠাকুৰে কান্ধত আঘাত পাইছে। ৩ জানুৱাৰিৰ পৰা কেপটাউনত আৰম্ভ হ’বলগীয়া শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন মেচত শাৰ্দুল ঠাকুৰে খেলাটো প্ৰায় অনিশ্চিত হৈ পৰিছে।
ঠাকুৰৰ আঘাত কিমান গুৰুতৰ সেয়া স্কেনিঙৰ অন্ততহে জানিব পৰা যাব।
দুখন মেচৰ এই টেষ্ট শৃংখলাত ১-০ ব্যৱধানত পিছ পৰি আছে ভাৰতীয় দল। প্ৰথমখন টেষ্টত ভাৰতে দক্ষিণ আফ্ৰিকাৰ হাতত এক ইনিংছ আৰু ৩২ ৰানত পৰাস্ত হয়।
শৃংখলাৰ দ্বিতীয়খন মেচ ৩ জানুৱাৰিৰ পৰা ৭ জানুৱাৰিলৈ কেপ টাউনৰ নিউলেণ্ডছত খেলিব। এই মেচত জয়লাভ কৰি ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলে ১-১ ত শৃংখলাৰ অন্ত পেলাব বিচাৰিব।
কিন্তু আজিলৈকে কেপ টাউনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে এখনো টেষ্ট মেচত জয়ী হোৱা নাই। ৬ খন মেচৰ ভিতৰত ৪ খন পৰাস্ত হোৱাৰ বিপৰীতে ২ খন মেচ ড্ৰ’ হৈছে।