২২ জানুৱাৰীত দেশবাসীক নিজৰ নিজৰ ঘৰত বন্তি জ্বলাবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে আজি উত্তৰ প্ৰদেশৰ অযোধ্যাত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰোড শ্ব’ কৰাৰ পিছত অযোধ্যা ধাম ৰে’ল ষ্টেচনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াত তেওঁ ৬খন বন্দে ভাৰত আৰু ২খন অমৃত ভাৰত ৰে’লৰ ফ্লেগ অফ কৰে।

বাল্মীকি বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয় অযোধ্যা ধাম ষ্টেচনৰ ফালে ৰাওনা হয়। প্ৰধানমন্ত্ৰী মোদীক ওচৰৰৰ পৰা চাবলৈ  ৰাতিপুৱাৰে পৰা পথৰ দুয়োকাষে অপেক্ষা কৰি আছিল বহু লোক।

গাড়ীৰ পৰা নামি প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণক সম্ভাষণ জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যাত ৰোড শ্ব’ত অংশ লোৱাৰ উপৰি মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰে।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বিমানবন্দৰ, ঘাইপথ, ৰে’লৱে ষ্টেচন, ৰে’লপথ সম্প্ৰসাৰণকে ধৰি বহু বৃহৎ প্ৰকল্প উপহাৰ দিয়ে।

ইয়াৰ লগে লগে ২০২৩ চনৰ ৩০ ডিচেম্বৰৰ দিনটো অযোধ্যাৰ ইতিহাসত সোণালী আখৰেৰে খোদিত হ’ব আৰু ভগৱান শ্ৰীৰাম নগৰত উন্নয়নৰ এক নতুন যুগ আৰম্ভ হ’ব।

আনহাতে, ২২ জানুৱাৰিত হ’বলগীয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত সমগ্ৰ দেশবাসীক নিজৰ নিজৰ ঘৰত বন্তি জ্বলাবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 

Comments (0)
Add Comment