কাৰোবাৰ পলত সোমাইছে বৰালি আকৌ কাৰোবাৰ পলহত সোমাইছে মিৰিকা, ৰৌ-বাহু।
চৰাইদেউৰ মাহমৰাত পোন প্ৰথমবাৰৰ বাবে পল মৰা প্ৰতিযোগিতা। একেলগে হাতে হাতে পল লৈ এখন বিলত নামিছে শতাধিক লোক। ডেকা, বৃদ্ধ সকলোৱে পল মাৰিছে। কাৰোবাৰ পলত সোমাইছে বৰালি আকৌ কাৰোবাৰ পলত সোমাইছে মিৰিকা, ৰৌ-বাহু।
এয়া এক প্ৰতিযোগিতা। পল মৰা প্ৰতিযোগিতা। চৰাইদেউ জিলাৰ মাহমৰাৰ ঐতিহাসিক গৰৈমাৰি বিলত অসমত কোনো দিনে নপতা এক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে পল মৰা প্ৰতিযোগিতা। যিগৰাকী প্ৰতিযোগীয়ে ডাঙৰ মাছ ধৰিবলৈ সক্ষম হ’ব তেওঁয়েই হ’ব প্ৰতিযোগিতাৰ প্ৰথমগৰাকী প্ৰতিযোগী আৰু লাভ কৰিব নগদ ধন। ইফালে মাহমৰা গৰৈমাৰি বিলত বছৰৰ অন্তিম দিনটোত পলহ মৰা প্ৰতিযোগিতা চাবলৈ হাজাৰ হাজাৰ লোক সমবেত হৈছে গৰৌমাৰি বিলৰ পাৰত।