এইবাৰ ভাগৱত পাঠ নামঘৰ অথবা মন্দিৰত নহয়, এজন মুছলমান ব্যক্তিৰ নেতৃত্বত এখন গাঁও পঞ্চায়তত আয়োজন কৰা হ’ল ভাগৱত পাঠ।
এইবাৰ এজন মুছলমান ব্যক্তিৰ নেতৃত্বত এখন গাওঁপঞ্চায়তত আয়োজন কৰিলে দুদিনীয়া ভাগৱত পাঠৰ। দৰঙৰ নামখলা গাওঁ পঞ্চায়তত সভাপতি আক্ৰাম হুইছেনৰ নেতৃত্বত আয়োজন কৰা হৈছে এই ভাগৱত পাঠৰ।
বিশ্ব শান্তি, মানৱ কল্যাণ, সমণ্বয় আৰু ভাতৃত্ববোধৰ ইতিবাচক বাৰ্তা কঢ়িয়াই আয়োজিত ভাগৱত পাঠ। পঞ্চায়তখনৰ সভাপতি আক্রাম হুইচেনৰ নেতৃত্বত আয়োজিত ভাগৱত পাঠত আঞ্চলিক ৰাইজে ব্যাপক সঁহাৰি জনায়। দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাসে শুভাৰম্ভণি কৰা ভাগৱত চক্ৰত জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মন উপস্থিত থাকে। প্ৰসিদ্ধ ভাগৱত বাখ্যাকাৰী লক্ষীমপুৰৰ নাৰায়ণপুৰৰ পাঠক জগত বনিয়াই ভাগৱত পাঠ আৰু ব্যাখ্যা কৰে।