পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এখন থানাত লক্ষ্য কৰি সংঘটিত কৰা বোমা বিস্ফোৰণত দুই শিশুৰ মৃত্যু হয়। আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।
বিষয়াসকলে জনোৱা মতে, এই কাণ্ড শনিবাৰে প্ৰদেশখনৰ বোলান জিলাৰ মাচ অঞ্চলত সংঘটিত হয়। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, জেইল ৰোডৰ থানা ভৱনৰ ঠিক পিছফালে গাড়ীৰ তলত লুকুৱাই ৰখা হৈছিল বোমাটো।
থানাৰ ওচৰতে আছিল এখন সৰু বজাৰ। বিষয়াজনে কয়, ‘বোমা বিস্ফোৰণটো দূৰৈৰ পৰাই কৰা হৈছিল, য’ত ১০ আৰু ১২ বছৰীয়া দুজন শিশুৰ মৃত্যু হৈছিল।’
বিস্ফোৰণত আহত আন চাৰিজন লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
উল্লেখ্য যে, বেলুচিস্তানত সন্ত্ৰাসবাদীৰ দলে প্ৰায়ে নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰি আহিছে।