নৱবৰ্ষৰ আৰম্ভণিতে জাপানত হোৱা ভূমিকম্পত এতিয়ালৈ ১৩ জন লোকৰ মৃত্যু হৈছে। ১৮ ঘণ্টাত ১৫৫ টা আফটাৰশ্বক অনুভূত হয় দেশখনত। ইয়াৰ ভিতৰত কেইবাটাও ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.৬ প্ৰাবল্য আৰু ৬ প্ৰাবল্যতকৈ অধিক। মাত্ৰ দুঘণ্টাৰ ভিতৰত ৪০ টাতকৈও অধিক আফটাৰশ্বক অনুভূত হয়।
ভূমিকম্পত ফাঁট মেলাৰ বাবে বন্ধ কৰি দিয়া হৈছে কেইবাটাও মুখ্য পথ। বাতিল কৰা হৈছে ৩৮ খন বিমানৰ উৰণ। অন্ধকাৰত ডুব গৈছে ৩৩ হাজাৰ পৰিয়াল। ভূমিকম্পৰ পাছতেই ইশিকাৱাত চুনামি সতৰ্কবাণী জাৰি কৰা হৈছে। ইছিকাৱা, নিইগাটা, টয়মা, ইয়াগাটা আদি অঞ্চলসমূহ শীঘ্ৰে খালী কৰিবলৈ নিৰ্দেশ দিছে । সাগৰৰ পাৰৰ আবাসীসকলক আঁতৰি আহি ওখ অট্টালিকাত আশ্ৰয় ল’বলৈ নিৰ্দেশ দিছে জাপানৰ প্ৰশাসনে ।
ক্ষতিগ্ৰস্ত এলেকাত সেনা আৰু প্ৰশাসনে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। জাপানক সাম্ভাৱ্য সকলো সহায় আগবঢ়াবলৈ আগবাঢ়ি আহিছে আমেৰিকা।