আদানিক সকাহ উচ্চতম ন্যায়ালয়ৰ! হিণ্ডেনবাৰ্গ গোচৰৰ বাবে গঠন কৰা নহয় SIT

আদানি-হিণ্ডেনবাৰ্গ গোচৰত আদানি গ্ৰুপে লাভ কৰিছে কিছু সকাহ। বুধবাৰে এই গোচৰৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে কয় যে এই গোচৰটো ছেবিৰ পৰা এছ আই টিলৈ হস্তান্তৰ কৰাৰ কোনো ভিত্তি নাই।

অৱশ্যে এই গোচৰৰ সৈতে জড়িত বাকী গোচৰসমূহ তিনি মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ কয় উচ্চতম ন্যায়ালয়ে।

আজি উচ্চতম ন্যায়ালয়ে আদানি গোটৰ ওপৰত অ’চিচিআৰপিৰ প্ৰতিবেদন সন্দৰ্ভত কয় যে ভাৰতৰ শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক ছেবিয়ে কৰা তদন্তক লৈ সন্দেহ কৰাৰ প্ৰয়োজন নাই। সেয়েহে এই তদন্ত ছেবিৰ পৰা এছ আই টিলৈ হস্তান্তৰ কৰাৰ কোনো ভিত্তি নাই।

উল্লেখ্য যে যোৱা বছৰ নৱেম্বৰ মাহত আদালতে সংৰক্ষণ কৰি ৰখা নিজৰ সিদ্ধান্তৰ ভিত্তিত এই ৰায় প্ৰান কৰে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠে এই ৰায়দান কৰে।

উচ্চতম ন্যায়ালয়ে নিজৰ ৰায়দানত উল্লেখ কৰে যে অ’চিচিপিআৰৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰাটো শুদ্ধ নহয়। কোনো ধৰণৰ তদন্ত নকৰাকৈ তৃতীয় পক্ষৰ সংস্থাৰ প্ৰতিবেদনক ভিত্তি হিচাপে ল’ব নোৱাৰি।

ৰায়দানৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, ‘ছেবিৰ নিয়ন্ত্ৰণ কাঠামোত প্ৰৱেশৰ ক্ষেত্ৰত আদালতৰ ক্ষমতা সীমিত। এফ পি আই আৰু এল অ’ ডি আৰ আইনৰ সংশোধনী প্ৰত্যাহাৰ কৰিবলৈ ছেবিক নিৰ্দেশ দিয়াৰ কোনো বৈধ ভিত্তি নাই। এই আইনসমূহ দুৰ্বল নহয়। ছেবিয়ে ইতিমধ্যে ২২টা বিষয়ৰ ভিতৰত ২০টা বিষয়ত তদন্ত সম্পূৰ্ণ কৰিছে। ছলিচিটৰ জেনেৰেলৰ আশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি আমি ছেবিক ৩ মাহৰ ভিতৰত আন দুটা গোচৰৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ৈ হৈছে।‘

উল্লেখ্য যে, গোচৰৰ আবেদনকাৰীয়ে ছেবিৰ এই তদন্ত এছ আই টিক হস্তান্তৰ কৰিবলৈ আবেদন কৰিছিল। এই আবেদন নাকচ কৰি আদালতে কয় যে এই গোচৰ ছেবিয়েই কৰিব আৰু ছেবিৰ তদন্তত কোনো সন্দেহ কৰিব নোৱাৰিব।

উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছতে আদানী গোটৰ অধ্যক্ষ গৌতম আদানীয়ে আদালতৰ ৰায়ক সত্যৰ জয় বুলি অভিহিত কৰে।

তেওঁ নিজৰ ছ’চিয়েল মিডিয়া এক্স হেণ্ডেলত লিখিছে ‘উচ্চতম ন্যায়ালয়ৰ ৰায়দানে প্ৰমাণ কৰে যে সত্যই জয়লাভ কৰিছে। সত্যমেৱ জয়তে’।

শুভাকাংক্ষীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ আৰু লিখিছে, ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত আদানী গ্ৰুপৰ অৱদান অব্যাহত থাকিব।

যোৱা বছৰৰ জানুৱাৰি মাহত আদানি গ্ৰুপৰ বিৰুদ্ধে অভিযোগ আনিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিনিয়োগ গৱেষণা কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্চে। অভিযোগত কোৱা হৈছিল যে আদানি গ্ৰুপে দশক দশক ধৰি ষ্টক মেনিপুলেচন আৰু একাউণ্টিং জালিয়াতিৰ সৈতে মুকলিকৈ জড়িত হৈ আছে।

হিণ্ডেনবাৰ্গৰ অভিযোগৰ পিছতে ছেবিয়ে তদন্ত আৰম্ভ কৰে। এই তদন্ত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি আছে।

Comments (0)
Add Comment