পুনৰ ভয়াৱহ ৰূপত কৰ’ণা; বিগত ২৪ ঘণ্টাত ৫ গৰাকী লোকৰ মৃত্যু

ভাৰতত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ। এই ভাইৰাছৰ ফলত বিগত ২৪ ঘণ্টাত ৫ গৰাকী লোকৰ মৃত্যু হৈছে।

ক্ৰমান্বয়ে কৰ’ণা ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে হাস্পতালসমূহক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে।

বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ৬০২ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে আৰু পাঁচগৰাকী লোকৰ মৃত্যু হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰিছে এই তথ্য।

জানিব পৰা অনুসৰি, দেশত এতিয়া ৪৪৪০ লৈ বৃদ্ধি পাইছে ক’ভিডৰ সক্ৰিয় ৰোগীৰ সংখ্যা।

কৰ’ণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট JN.1 ৰ বাবেই এতিয়া চিন্তিত হৈ পৰিছে কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰসমূহ। দেশত নতুন ভেৰিয়েণ্টৰ প্ৰথমটো ঘটনা কেৰালাৰ পৰা আহিছিল। এই ভেৰিয়েণ্টৰ বাবে এইপৰ্যন্ত দুজন লোকৰ মৃত্যু ঘটিছে।

উল্লেখ্য যে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহতহে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

Comments (0)
Add Comment