১৮ বছৰৰ তলৰ লৰা-ছোৱালীয়ে গাড়ী চলালে জেললৈ যাব লাগিব পিতৃ-মাতৃ!

১৮ বছৰৰ তলৰ লৰা-ছোৱালীয়ে চলাব নোৱাৰিব কোনো বাহন। কিশোৰ-কিশোৰীয়ে বাহন চলালে জেললৈ যাব লাগিব অভিভাৱক তথা পিতৃ-মাতৃ। নিজৰ ১৮ বছৰৰ তলৰ সন্তানৰ হাতত বাইক বা স্কুটীৰ চাবি তুলি দিয়াৰ পূৰ্বে ১০ বাৰ ভাবক অভিভাৱকসকলে। নৱবৰ্ষৰ আৰম্ভণিতে ১৮ বছৰৰ তলৰ লৰা-ছোৱালীক বাহন চলোৱাত নিষেধাজ্ঞা আৰোপ কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে।

নতুন নিৰ্দশনা অনুসৰি যদি এজন অভিভাৱকে ১৮ বছৰৰ তলৰ শিশুক দুচকীয়া বা চাৰিচকীয়া গাড়ী চলাবলৈ দিয়ে,  তেন্তে তেওঁ ইয়াৰ বাবে দায়বদ্ধ হ’ব। নাবালক নাবালিকাই বাহন চলোৱা অৱস্থাত ধৰা পৰিলে পিতৃ-মাতৃক ৩ বছৰৰ কাৰাদণ্ড লগতে ২৫ হাজাৰ টকাৰ জৰিমণা বিহা হব। ইয়াৰ লগে লগে বাহনখনৰ লাইচেন্সো বাতিল কৰা হব। বাহন চলাই ধৰা পৰা কিশোৰ-কিশোৰীৰ লাইচেন্স ২৫ বছৰৰ পাছতে বনাব পাৰিব। বৰ্ধিত দুৰ্ঘটনাৰ সংখ্যা কমাবলৈ এই নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে।

Comments (0)
Add Comment