কাৰ ভুলৰ বাবে দেৰগাঁৱৰ বালিজানত সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

বনভোজ খাবলৈ গৈ নিঃশেষ হৈ গল দুটা পৰিয়াল। দেৰগাঁৱৰ বালিজানত আজি পুৱা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত বনভোজ খাবলৈ যোৱা এটা দলৰ গাড়ী দুৰ্ঘটনাত পতিত হৈ ১২জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জনৰো অধিক আহত হয় আৰু ইয়াৰে কেইবাজনৰো অৱস্থা বৰ্তমান সংকটজনক । শেহতীয়াকৈ জানিব পৰা মতে এই দুৰ্ঘটনাত মৃত্যকৰ সংখ্যা ১৪জনলৈ বৃদ্ধি পাইছে ।স্থানীয় লোকে জানিবলৈ দিয়া মতে, এই দুৰ্ঘটনাত দুটাকৈ পৰিয়াল সম্পূৰ্ণৰূপে নিঃশেষ হৈ যায়। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু সময়ৰ আগতে এক্সৰ হেণ্ডেলত এই দুৰ্ঘটনাত নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে নিহত সকলৰ নিকটাত্মীয়ক ২ লাখকৈ টকা আৰু আহত সকলক ৫০ হাজাৰকৈ টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে । এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।  

কাৰ ভুলৰ বাবে সংঘটিত হল এই দুৰ্ঘটনা?

জানিব পৰা মতে, ভুল পথেৰে আহি আছিল এখন অভাৰলোডেড কয়লাভৰ্তি ট্ৰাক। ট্ৰাকখন ভুল পথেৰে অহাৰ বাবে বনভোজৰ দলটো কঢ়িয়াই নিয়া বাছখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। পুৱা অধিক কুঁৱলি থকাৰ বাবে বাছৰ চালকজনে বিপৰীত দিশৰ পৰা অহা ট্ৰাকখনৰ হয়তো কোনো উমান পোৱা নাছিল। স্থানীয় লোকৰ অভিযোগ অভাৰলোডেড কয়লাৰ ট্ৰাকখন ভুল দিশৰ পৰা অহাৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় ।

মৃতকৰ নামৰ তালিকা

গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা সকলৰ একাংশ

১)পিংকী শইকীয়া

২)ৰিংকী বৰা

৩)অনিমা শইকীয়া

৪) শুভংকৰ শইকীয়া(১৩)

 ৫) নিহাৰিকা বৰা (১০)

 ৬)দীপালী শইকীয়া

৭) নৱজিৎ শইকীয়া,

৮)ট্ৰাক চালক নুৰ আলম

৯)মৃদুল বৰা (বাছ খনৰ চালক)

১০)নিত্যানন্দ বৰা

১১) প্ৰিঞ্চিপ্ৰিয়া বৰা

 বাকীসকলৰ নাম এতিয়ালৈ জানিব পৰা হোৱা নাই।

চিকিৎসাধীন

চিকিৎসাধীন লোকসকল হ’ল – নৱনীতা শইকীয়া (৩৪), ধ্ৰুৱজ্যোতি বৰা (১৮), প্ৰাচুৰ্য শইকীয়া (৭), জোনালী বৰা শইকীয়া (৪৩), কৌশিক শইকীয়া (১৭), চিন্ময় বৰা (১২), বুলু শইকীয়া (৪৭), ৰুলী শইকীয়া বৰা (৩৫), দীপ্তি শইকীয়া (১৭),মাধুৰ্য শইকীয়া (২৫), ধ্ৰুৱজ্যোতি বৰা (২৭), কুলুমণি শইকীয়া (৩৪), চিত্ৰলেখা বৰা (২৬), বিজিত শইকীয়া (২৮), অৰূপ শইকীয়া (৩৭), বিতোপন বৰা (২৪), অৰ্চনা শইকীয়া (৪১), প্ৰীতি শইকীয়া (৭) আৰু অভিজিৎ বৰা (৬)।

Comments (0)
Add Comment