মহম্মদ ছিৰাজৰ বলিং ধুমুহাত তচ-নচ দক্ষিণ আফ্ৰিকা; মাত্ৰ ৫৫ ৰানতে অলআউট

মহম্মদ ছিৰাজৰ বিধ্বংসী বলিঙত তচ-নচ দক্ষিণ আফ্ৰিকাৰ বেটিং লাইনআপ। টেষ্ট ক্ৰিকেটৰ ইতিহাসত ভাৰতৰ বিৰুদ্ধে সৰ্বনিম্ন স্ক’ৰত অলআউট হোৱাৰ লজ্জাজনক অভিলেখৰ গৰাকী হ’ল দক্ষিণ আফ্ৰিকা।

ভাৰতৰ বিৰুদ্ধে ঘৰৰ মাটিত চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টৰ প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাই মাত্ৰ ৫৫ ৰানতে অলআউট হয়।

ঘৰুৱা দলটোৰ এই শোচনীয় প্ৰদৰ্শনৰ আঁৰত হৈছে ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজ। ছিৰাজে ৯ অভাৰত ১৫ ৰান খৰচ কৰি ৬টা উইকেট দখল কৰে।

ছিৰাজৰ উপৰি বুমৰাহে দুটা আৰু টেষ্ট অভিষেক ঘটা মুকেশ কুমাৰেও দুটা উইকেট লাভ কৰে।   

উল্লেখ্য যে, প্ৰথম ছেছনতে দক্ষিণ আফ্ৰিকাৰ দলৰ ৫ জন বেটছমেনক আউট কৰি ইতিহাস ৰচিছে মহম্মদ ছিৰাজে।

কেপ টাউনত আজিৰ পৰা আৰম্ভ হোৱা মেচখনত দক্ষিণ আফ্ৰিকাই টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দলৰ এই সিদ্ধান্তক ভুল প্ৰমাণিত কৰি দেখুৱালে ভাৰতীয় বলাৰে।

ছিৰাজৰ বলিং বিক্ৰমৰ সন্মুখত দিশহাৰা হৈ পৰা দক্ষিণ আফ্ৰিকাৰ মাত্ৰ দুজন বেটছমেনেহে দহকৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হয়। 

Comments (0)
Add Comment