অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ ভগ্নী ৱাই এছ শৰ্মিলাৰ কংগ্ৰেছত যোগদান

লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ বাবে আহিছে এক উৎসাহজনক খবৰ। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ ভগ্নী ৱাই এছ শৰ্মিলাই আনুষ্ঠানিকভাৱে যোগদান কৰিলে কংগ্ৰেছ দলত।

বৃহস্পতিবাৰে দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীৰ উপস্থিতিত তেওঁ কংগ্ৰেছত যোগদান কৰে।

কেৱল এয়াই নহয় ৱাই এছ শৰ্মিলা নেতৃত্বাধীন ৱাই এছ আৰ টি পি দলটোও কংগ্ৰেছত চামিল হয়।

কংগ্ৰেছ দলত যোগদান কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয়, ‘আজি কংগ্ৰেছ দলত যোগদান কৰি মই অতি সুখী। মই ৱাই এছ আৰ তেলেংগানা পাৰ্টি কংগ্ৰেছ পাৰ্টিৰ লগত একত্ৰিত কৰিছো। ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী বনোৱাটো মোৰ দেউতাৰ সপোন আছিল আৰু মই এই দিশত কাম কৰিম। আমি সকলোৱে কংগ্ৰেছৰ লগত আছো’।

Comments (0)
Add Comment