কেপ টাউনত অনুষ্ঠিত হোৱা শৃংখলাৰ দ্বিতীয়খন টেষ্টত ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ উইকেটত পৰাস্ত কৰিছে। ২ দিনৰ ভিতৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতে শৃংখলাটো ১-১ত ড্ৰ’ কৰাবলৈ সক্ষম হয়।
দক্ষিণ আফ্ৰিকাই ভাৰতক জয়ৰ বাবে ৭৯ ৰানৰ লক্ষ্য বান্ধি দিছিল, যিটো ভাৰতে ৩টা উইকেট হেৰুৱাই অৰ্জন কৰে। কেপ টাউনত ৩১ বছৰৰ পিছত ভাৰতে টেষ্টত জয়ী হ’বলৈ সক্ষম হয়।
এই জয়ৰ লগে লগে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ নামত সন্নিবিষ্ট হ’ল এক অভিলেখ। আফ্ৰিকাৰ ভূমিত টেষ্ট শৃংখলা ড্ৰ’ কৰাবলৈ সক্ষম হোৱা দ্বিতীয়গৰাকী ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হৈছে ৰোহিত শৰ্মা।
ৰোহিত শৰ্মাৰ পূৰ্বে মহেন্দ্ৰ সিং ধোনীয়ে এই কৃতিত্ব অৰ্জন কৰিছিল।
উল্লেখ্য যে, প্ৰথম ইনিংছত অত্যন্ত শোচনীয় প্ৰদৰ্শন কৰা দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছতো আশানুৰূপ প্ৰদৰ্শনত ব্যৰ্থ হয় আৰু মাত্ৰ ১৭৬ ৰানতে অল আউট হয়।
ইয়াৰ পিছত দক্ষিণ আফ্ৰিকাই ভাৰতক জয়ৰ লক্ষ্য দিছে ৭৯ ৰানৰ। দক্ষিণ আফ্ৰিকাৰ হৈ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰে আইডেন মাৰ্কৰামে। মাৰ্কৰামে ১০৬ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ দ্বিতীয় ইনিংছত যশপ্ৰীত বুমৰাহে ৬টা উইকেট দখল কৰে।
মেচখনৰ প্ৰথম দিনা অৰ্থাত বুধবাৰে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল দক্ষিণ আফ্ৰিকাই। কিন্তু মহম্মদ ছিৰাজৰ বিধ্বংসী বলিঙত টিষ্ঠিব নোৱাৰি দক্ষিণ আফ্ৰিকাই মাত্ৰ ৫৫ ৰানতে অলআউট হয়।
ছিৰাজে ৬টা উইকেট দখল কৰে। ইফালে ভাৰতে প্ৰথম ইনিংছত সংগ্ৰহ কৰে ১৫৩ ৰান। প্ৰথম ইনিংছত কোহলীয়ে ৪৬, ৰোহিত শৰ্মাই ৩৯ আৰু শুভমন গীলে ৩৬ ৰান কৰে।
উল্লেখ্য যে, প্ৰথম ইনিংছৰ শেষৰ ৬টা উইকেট শূন্য ৰানতে হেৰুৱাইছিল ভাৰতে। প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাৰ হৈ বাৰ্গাৰ, এনগিডি আৰু ৰাবাডাই তিনিটাকৈ উইকেট লয়।