বিৰোধী মিত্ৰজোঁটত ফাঁট! মমতা বেনাৰ্জীক কটাক্ষ অধীৰ ৰঞ্জন চৌধুৰীৰ ishan news…

বিজেপিক পৰাস্ত কৰাৰ লক্ষ্যৰে একত্ৰিত হোৱা বিৰোধী শক্তি ইণ্ডিয়াত লাগিল কেনা। আসন ভাগ-বাটোৱাৰাৰ পূৰ্বে বিৰোধীৰ দুই দলৰ মাজত আৰম্ভ হৈছে সংঘাত। পশ্চিম বংগ প্ৰদেশ কংগ্ৰেছ সমিতিৰ অধ্যক্ষ অধীৰ ৰঞ্জন চৌধুৰী আৰু তৃণমূলৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মাজত আৰম্ভ হৈছে বাক যুদ্ধ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সেৱা কৰাত মমতা বেনাৰ্জী ব্যস্ত বুলি কটাক্ষ কৰিছে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে।

অত্যন্ত ক্ষোভেৰে তেওঁ কয় যে মমতা বেনাৰ্জীৰ সৈতে কংগ্ৰেছে মিত্ৰতা বিচৰা নাছিল। দেশৰ সবাটোকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছে পশ্চিম বংগত নিজৰ শক্তিৰে লোকসভা নিৰ্বাচন খেলিব পাৰে।

তেওঁ কয়, ‘আমি ভিক্ষা খোজা নাই। মমতা বেনাৰ্জীয়ে নিজেই কৈছিল যে তেওঁলোকে মিত্ৰতা বিচাৰে। আমাক মমতা বেনাৰ্জীৰ দয়াৰ প্ৰয়োজন নাই। আমি অকলেই নিৰ্বাচন খেলিব পাৰো। বাস্তৱত মমতা বেনাৰ্জীয়ে মিত্ৰতা বিচৰা নাই কাৰণ তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সেৱাত ব্যস্ত’।

উল্লেখ্য যে, আগন্তুক লোকসভা নিৰ্বাচনত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ পশ্চিম বংগত কংগ্ৰেছ দলক মাত্ৰ দুখন আসনহে এৰি দিব বুলি খবৰ ওলাইছিল। এই খবৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে এইদৰে মমতা বেনাৰ্জীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে।    

Comments (0)
Add Comment