আদানি গ্ৰুপৰ অধ্যক্ষ তথা উদ্যোগপতি গৌতম আদানিয়ে পুনৰ এবাৰ ভাৰতৰ শীৰ্ষ ধনী ব্যক্তিৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।
ব্লুমবাৰ্গ বিলিয়নাৰ ইণ্ডেক্সৰ তথ্য অনুসৰি বিগত দুদিনত আদানিৰ মুঠ সম্পত্তি ৭.৬৭ বিলিয়ন বৃদ্ধি পাইছে। ইয়াৰ লগে লগে তেওঁৰ মুঠ সম্পত্তি শুকুৰবাৰৰ পুৱালৈকে ৯৭.৬ বিলিয়ন ডলাৰ হৈছে।
মুকেশ আম্বানীক পিছ পেলাই তেওঁ পুনৰবাৰ দেশৰ শীৰ্ষ ধনাঢ্য ব্যক্তিত পৰিণত হয়। মুঠ ৯৭ বিলিয়ন ডলাৰৰ সৈতে আম্বানী এতিয়া দেশৰ দ্বিতীয় ধনী ব্যক্তি।
ইফালে বিগত কিছু দিনৰ পৰা আদানিৰ সম্পত্তি বৃদ্ধি পোৱাত তেওঁ বিশ্বৰ ধনী ব্যক্তিৰ তালিকাতো এঢাপ আগবাঢ়িছে। তেওঁ এতিয়া বিশ্বৰ ১২ নম্বৰ ধনী ব্যক্তি।
আনহাতে, বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত ১৩ নম্বৰ স্থানলৈ অৱনমিত হ’ল মুকেশ আম্বানী।
উল্লেখ্য যে আদানি গ্ৰুপৰ শ্বেয়াৰ বৃদ্ধিৰ বাবে গৌতম আদানিৰ সম্পত্তিত ব্যাপক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আদানি-হিণ্ডেনবাৰ্গ গোচৰত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ বাবেই আদানি গ্ৰুপৰ শ্বেয়াৰত ব্যাপক বৃদ্ধি পাইছে। যাৰ বাবে আদানি গ্ৰুপৰ মুঠ বজাৰ মূল্য ১৫.৬০ লাখ কোটি টকা অতিক্ৰম কৰিলে।