২০২৪তদ্ৰুত গতিত বিকাশ হ’ব ভাৰতীয়অৰ্থনীতিঃ ৰাষ্ট্ৰসংঘ  

কভিড মহামাৰী, ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ যুদ্ধই সমগ্ৰ বিশ্বকে অৰ্থনৈতিক  সংকটৰ মাজলৈ থেলি দিয়াৰ সময়তো ভাৰতৰ অৰ্থনৈতিক অগ্ৰগতি অব্যাহত থাকিব ।ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনে ভাৰতৰ অৰ্থনীতিৰ বাবে কঢ়িয়াই আনিছে এই ভাল খবৰ ।  ২০২৪ চনত ভাৰতীয় অৰ্থনীতি ‘আটাইতকৈ দ্ৰুত গতিত বিকাশ’ হ’ব বুলি ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।

ৰাষ্ট্ৰসংঘৰ “বিশ্ব অৰ্থনৈতিক পৰিস্থিতি আৰু সম্ভাৱনা-২০২৪”(WESP) শীৰ্ষক প্ৰতিবেদনত চলিত বছৰত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ ৬.২ শতাংশ হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে।

ৰাষ্ট্ৰসংঘই ২০২৩ চনত ভাৰতৰ জিডিপি ৰ  বৃদ্ধিৰ হাৰ ৬.২ শতাংশ হ’ব বুলি পূৰ্বানুমান কৰিছিল। কিন্তু ইউক্ৰেইন-পশ্চিম এছিয়াৰ যুদ্ধ আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে বিশ্ব অৰ্থনীতিত পৰা প্ৰভাৱৰ বাবে এই পূৰ্বানুমান  কিছু পৰিমানে হ্ৰাস পাইছে। উল্লেখযোগ্য যে, ২০২১ চনত ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত ভাৰতৰ জিডিপি ৰ  বৃদ্ধিৰ হাৰ ৭.৩ শতাংশ হব বুলি পূৰ্বানুমান কৰিছিল। এইবাৰ ‘প্ৰকৃত ফলাফল  পূৰ্বানুমানতকৈ ভাল হ’ব বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশিত তথ্য মতে, মহামাৰী আৰু লকডাউনৰ অন্ত পৰাৰ পাছত চীনৰ আৰ্থিক বৃদ্ধিৰ হাৰ আশা কৰাতকৈ লেহেমীয়া হৈছে।বিগত দুবছৰৰ তুলনাত ২০২৩ চনত মূল্যবৃদ্ধিৰ হাৰ কিছু পৰিমাণে নিয়ন্ত্রণত আছে৷ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন মতে ২০২৪ চনত এই সংখ্যা ৩.৯ শতাংশলৈ হ্ৰাস হোৱাৰ সম্ভানা আছে । যদি ৰাষ্ট্ৰসংঘৰ এই অনুমান সেয়া সঁচা হয়, তেন্তে ভাৰতীয় বজাৰত বিদেশী বিনিয়োগ বহু পৰিমাণে বৃদ্ধি পাব বুলি কেবাগৰাকীও অৰ্থনৈতিক বিশ্লষকে উল্লেখ কৰিছে।

Comments (0)
Add Comment