নিৰ্বাচনী হিংসা! ৰে’লত অগ্নিসংযোগ দুৰ্বৃত্তৰ; দুটি শিশুসহ ৪ জনৰ মৃত্যু

সাধাৰণ নিৰ্বাচনক লৈ উত্তপ্ত হৈ পৰিছে বাংলাদেশ। শুকুৰবাৰে দেশখনৰ ৰাজধানী ঢাকাত এখন যাত্ৰীবাহী ৰে’লত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত দুটি শিশুসহ চাৰিগৰাকী লোকৰ মৃত্যু হয়।

ভয়ংকৰ অগ্নিসংযোগৰ ঘটনাত আন বহু লোক আহত হৈছে। ৰে’লখন ভাৰতীয় সীমাৰ গাতে লাগি থকা উপকূলীয় চহৰ বেনাপোলৰ পৰা আহি আছিল।

ৰে’ল বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই জানিব দিয়া অনুসৰি, সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দুদিন পূৰ্বে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে।

বাংলাদেশৰ গোপীবাগত ইণ্টাৰচিটি বেনাপোল এক্সপ্ৰেছ ৰে’লত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত চাৰিজন লোকৰ মৃত্যু হোৱা বুলি ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰিছে।

ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে নিশা প্ৰায় ৯:০৫ বজাত এই কাণ্ড সংঘটিত হয় আৰু ৰে’লখনৰ কমেও পাঁচটা ডবাত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে। ঘটনাত নিহত হোৱা লোকসকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, ৭ জানুৱাৰি অৰ্থাত কাইলৈ অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনক কেন্দ্ৰ কৰি বাংলাদেশত চলি আছে ৰাজনৈতিক অস্থিৰতা।

মূল বিৰোধী ৰাজনৈতিক দল বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ সমৰ্থকে নিৰ্বাচন বৰ্জন আৰু নিৰ্বাচন আয়োগে ঘোষণা কৰা নিৰ্বাচনী সময়সূচীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

Comments (0)
Add Comment