লুপ্তপ্ৰায় প্ৰাচীন অসমীয়া সংস্কৃতিৰ লগত চিনাকি হ’ল মাজুলীৰ একাংশ ছাত্র-ছাত্ৰী। । পাঠদানৰ সমন্তৰালভাৱে শিক্ষকে পৰিচয় কৰাইছে অসমীয়াৰ প্ৰাচীন ঐতিহ্য পৰম্পৰাৰ বিষয়ে। মাজুলীৰ বিদ্যালয়ত ‘চুঙা পিঠা’ উৎসৱ পালন, ‘চুঙা পিঠা’ৰ সোৱাদ ল’লে ছাত্ৰ-ছাত্ৰীয়ে ।
‘চুঙা পিঠা’ হৈছে কেঁচা পিঠাগুড়ি আৰু গুড় মিহলাই কোমল বাঁহৰ চুঙাত পুৰি খোৱা এবিধ পিঠা। ‘চুঙা পিঠা’ বনাবলৈ প্ৰথমে বৰা চাউলৰ গুড়িখিনি কিছুসময়ৰ বাবে পানীত তিয়াই ৰখা হয়। তাৰপিছত চাউলৰ গুড়িখিনি গুড়েৰে মিশ্ৰিত কৰাৰ পাছত পানী বা গাখীৰৰ সৈতে মিহলি লোৱা হয়। আপুনি যদি নাৰিকল দিব বিচাৰে তেন্তে দিব পাৰে। এতিয়া চুঙাৰ বাবে জাতি বা মকাল বাঁহ এফালে গাঁঠি ৰাখি কটা ল’ব। তাৰ পাছত মিশ্ৰিতখিনি চুঙাকেইটাৰ ভিতৰত আধালৈকে পূৰ কৰি চাউল আৰু গুৰৰ মিশ্ৰণখিনি ওলাই নাযাবলৈ কলপাত বা ধান খেৰেৰে মুখখন টানকৈ বন্ধ কৰি চুঙাকেইটাৰ তলৰ ভাগটো পুৰা হ’লে ওলোটা কৰি ওপৰৰ ভাগটো তলত কৰি দিব। বাঁহৰ বাহিৰৰ ফালটো যেতিয়া ক’লা হ’ব তেতিয়া চুঙাকেইটা জুইৰ পৰা আতঁৰাই আনক বা জুইত পোৰাৰ পাছত যেতিয়াই সোপাটো ওলাই আহে তেতিয়া পিঠা সিজি যায়। চুঙাত ভৰাই পিঠা তৈয়াৰ কৰা বাবে ই দেখাতো চুঙাৰ দৰেই হয়, সেয়ে ইয়াক ‘চুঙা পিঠা’ বোলা হয়।
‘চুঙা পিঠা’ বনাবলৈ প্ৰয়োজনীয় সামগ্ৰীসমূহঃ-
- গাঁঠি থকা জাতি বা মকাল বাঁহৰ চুঙা
- বৰা চাউল
- গাখীৰ বা পানী
- গুড় বা চেনি
- পিঠাগুড়ি
- নাৰিকল
ঠাই ভেদে ‘চুঙা পিঠা’ প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়াও বেলেগ আৰু সামগ্ৰীৰ ব্যৱহাৰো বেলেগ হয়।
মাজুলীৰ বনগাঁও শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনত আজি অসমীয়াৰ পৰম্পৰাগত ‘চুঙা পিঠা’ৰ সোৱাদ লৈ উৎফুল্লিত হৈ পৰিল ছাত্ৰ-ছাত্ৰীসকল, ‘চুঙা পিঠা’ৰ সোৱাদ লৈ পৰিচয় হ’ল প্ৰাচীন লুপ্তপ্ৰায় সংস্কৃতিৰ লগত। জাতি বাঁহৰ চুঙাত পিঠাগুৰি ভৰাই জুইত পুৰি নিজে পোৰা ‘চুঙা পিঠা’ৰ জুতি লৈ আনন্দিত হৈ পৰিল ছাত্ৰ-ছাত্ৰীসকল ।
‘চুঙা পিঠা’ তৈয়াৰীৰ বাবে বিদ্যালয়খনৰ আচাৰ্য-আচাৰ্যাসকলে সমীপৱৰ্তী গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিক মাটি আনি অনুশীলন কৰোৱায় ছাত্ৰ-ছাত্ৰীসকলক । আধুনিকতাৰ ধামখুমীয়াত একক পৰিয়াল কেন্দ্ৰীক ব্যৱস্থাসমূহৰ পৰা ক্ৰমাৎ হেৰাই যোৱা ‘চুঙা পিঠা’ৰ লগত আজিৰ ছাত্ৰ-ছাত্ৰীৰ পৰিচয়হীন অৱস্থাৰ সৃষ্টি হৈছে । এনে এক সময়ত বিদ্যালয়খনে অসমীয়াৰ প্ৰাচীন পৰম্পৰা ধৰি ৰখাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক ‘চুঙা পিঠা’ৰ সোৱাদ দিয়া আৰু অসমীয়াৰ এক পৰম্পৰাৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা কাৰ্যই অসমীয়াৰ প্ৰাচীন পৰম্পৰাৰ প্ৰতি এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে । বিদ্যালয়খনৰ এনে কাৰ্যত প্ৰশংসা কৰিছে অভিভাৱক তথা অঞ্চলবাসীয়ে।