নাভূত-নাশ্ৰুত ঘটনা! ৰঞ্জী ট্ৰফীৰ মেচ খেলিবলৈ আহিল এখন ৰাজ্যৰে দুটা দল, জানক সমগ্ৰ ঘটনা

বিহাৰৰ ৰাজধানী পাটনাস্থিত মঈন-উল-হক ষ্টেডিয়ামত সংঘটিত হয় এক নাভূত-নাশ্ৰুত ঘটনা। ৰঞ্জী ট্ৰফীৰ এখন মেচ খেলিবলৈ আহিল এখন ৰাজ্যৰে দুটা দল। দুয়োটা দলেই ৰঞ্জী ট্ৰফীৰ বাবে নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰাৰ দাবী।

এই অদ্ভুট ঘটনাৰ বাবে চাৰি ঘণ্টা পলমকৈ আৰম্ভ কৰিবলগীয়া হয় মেচখন।

সততে নেদেখা এই ঘটনাটো সংঘটিত হয় বিহাৰ আৰু মু্ম্বাইৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ সময়ত। শুকুৰবাৰে ৰঞ্জী ট্ৰফীৰ এলিট গ্ৰুপ ‘বি’ৰ মেচখন আছিল মুম্বাই আৰু বিহাৰৰ মাজত।

কিন্তু মেচখন আৰম্ভ হোৱাৰ পূৰ্বে লাগিল অথন্তৰ। মুম্বাইৰ বিৰুদ্ধে খেলিবলৈ ষ্টেডিয়ামত উপস্থিত হ’ল বিহাৰৰ দুটা দল। দুয়োটা দলেই নিজকে ৰঞ্জী ট্ৰফীৰ বাবে নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰাৰ দাবী।

এই পৰিস্থিতি দেখি বি চি চি আইৰ প্ৰতিনিধি আৰু মুম্বাইৰ দল হতবাক। প্ৰকৃততে বিহাৰক কোনটো দলে প্ৰতিনিধিত্ব কৰিব তাক লৈও চলিল বাক বিতণ্ডা।

ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি, বিহাৰ ক্ৰিকেট এছ’চিয়েশ্যনৰ দুটা গোটৰ মাজত হোৱা কাজিয়াৰ বাবে এই নজিৰবিহীন ঘটনাটো সংঘটিত হয়।

ষ্টেডিয়ামতে দুয়ো পক্ষ কাজিয়াত লিপ্ত হয় আৰু লগে লগে ঘটনাস্থলত আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণত আনে।

খবৰ অনুসৰি, মুম্বাইৰ বিৰুদ্ধে খেলিবলৈ অহা ভিন্ন দল দুটাৰ ভিতৰত এটা দলক বিহাৰ ক্ৰিকেট সন্থাৰ সভাপতি ৰাকেশ তিৱাৰীয়ে নিৰ্বাচিত কৰাৰ বিপৰীতে আনটো দল সচিব অমিত কুমাৰে নিৰ্বাচিত কৰিছিল।

অৱশেষত সচিব অমিত কুমাৰৰ নিৰ্বাচিত দলটোৱে নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰাৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে অধ্যক্ষ ৰাকেশ তিৱাৰীয়ে নিৰ্বাচিত কৰা দলটোৱে মুম্বাইৰ বিৰুদ্ধে মেচখনত অংশ লয়।

লক্ষ্যণীয় কথা এইটোৱে যে, এনেকুৱা এজন ক্ৰিকেটাৰো নাছিল যাৰ নাম দুয়োটা দলতে আছিল, অৰ্থাৎ দুয়োটা দল আছিল সম্পূৰ্ণ বেলেগ বেলেগ।

জানিব পৰা অনুসৰি, বিহাৰ ক্ৰিকেট এছ’চিয়েশ্যনৰ অধ্য আৰু সচিবৰ মাজত চলি থকা কাজিয়াৰ বাবেই দুয়োজন বিষয়াই ৰঞ্জী ট্ৰফীৰ বাবে বেলেগে বেলেগে দল নিৰ্বাচন কৰে।

Comments (0)
Add Comment