মহাকাশ অভিযানৰ ক্ষেত্ৰত ভাৰতৰ আন এক ইতিহাস

মহাকাশ অভিযানৰ ক্ষেত্ৰত ভাৰতে সৃষ্টি কৰিলে আন এক ইতিহাস । ভাৰতৰ মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই চন্দ্ৰযান ৩ৰ সফলতাৰ পাছত ভাৰতে সূৰ্য অভিমুখে প্ৰেৰণ কৰা ‘আদিত্য এল ১’ আজি চূড়ান্ত কক্ষপথত সফলতাৰে উপনীত হয়। ১৫ লাখ কিলোমিটাৰ দূৰত্বত উপস্থিত হয় আদিত্য এল ১

শনিবাৰে বিয়লি আদিত্য-এল১ কক্ষপথত উপনীত হয়। ৪০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা , প্ৰায় ১৫০০ কিলোগ্ৰাম ওজনৰ এই উপগ্ৰহটো পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত সূৰ্যক অধ্যয়নৰ বাবে প্ৰেৰণ কৰা আদিত্য এল ১  প্ৰথমটো মহাকাশভিত্তিক ভাৰতীয় মানৱ নিৰীক্ষণ কেন্দ্ৰ হিচাপে কাম কৰিব।

ইছৰ’ৱে জানিবলৈ দিয়া মতে, আদিত্য এল ১ পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বৰ সূৰ্য্য-পৃথিৱীৰ ‘লেগ্ৰেঞ্জ পইণ্ট ১ (এল১)ত উপনীত হয় ।

 পি,এছ,এল,ভি-চি৫৭ এ যোৱা ২ ছেপ্টেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো উৎক্ষেপণ পেডৰ পৰা আদিত্য-এল১ সফলতাৰে উৎক্ষেপণ কৰিছিল। এই অভিযানৰ মূল উদ্দেশ্য হৈছে সূৰ্যৰ বিষয়ে অধ্যয়ন কৰা ।

ইছৰোৰ এই সফলতাৰ বাবে আজি ধেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছচিয়েল মিডিয়া চাইট এক্সত এটা পোষ্টৰ জৰিয়তে ইছৰোৰ বিজ্ঞানী সকলক অভিনন্দন জনায়।

Comments (0)
Add Comment