বহু বিতৰ্ক প্ৰতিবাদৰ মাজতে আজি পুৱাৰে পৰা আৰম্ভ হৈছে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ। ভোটদানৰ মাজতে বহু ঠাইৰ পৰা আহিছে হিংসাৰ খবৰ।
চট্টগ্ৰাম-১০ সমষ্টিৰ অন্তৰ্গত পাহাৰী মহাবিদ্যালয়ত দুটা দলৰ মাজত ভয়ংকৰ সংঘৰ্ষ হোৱাৰ খবৰ আহিছে। ঘটনাত উত্তেজিত লোকে দুজন লোকক গুলীয়াই হত্যা কৰে।
একাংশ স্থানৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰ জ্বলাই দিয়াৰ খবৰো পোৱা গৈছে। নিৰ্বাচন আযোগৰ তথ্য অনুসৰি, বাংলাদেশৰ ৩৭টা স্থানত অনিয়ম আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ খবৰ পোৱা গৈছে।
ইফালে ভুৱা ভোটদানৰ অভিযোগত ৬জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখ্য যে, বাংলাদেশত ভোটদানৰ সময়ত হিংসাত্মক ঘটনা হ’ব পাৰে বুলি আশংকা কৰা হৈছিল, কিয়নো প্ৰধান বিৰোধী ৰাজনৈতিক দল বিএনপিকে ধৰি আন বহু বিৰোধী দলে নিৰ্বাচন বৰ্জন কৰিছে।
স্মৰ্তব্য যে, সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰ্যবেক্ষণৰ বাবে বাংলাদেশত উপস্থিত হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি হিচাপে বিভিন্ন দেশৰ প্ৰায় ১০০ ৰো অধিক পৰ্যবেক্ষক।