বিৰোধীৰ নিৰ্বাচন বৰ্জনৰ মাজতে ২৯৯ আসনৰ বাবে আৰম্ভ ভোটগ্ৰহণ

বহু বিতৰ্ক প্ৰতিবাদৰ মাজতে আজি পুৱাৰে পৰা আৰম্ভ হৈছে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ। এই নির্বাচনত প্রধানমন্ত্রী শ্বেখ হাছিনাৰ দল আৱামি লীগকে ধৰি মুঠ ২৭টা দলে অংশগ্রহণ কৰিছে যদিও প্ৰধান বিৰোধী ৰাজনৈতিক দল বিএনপিকে ধৰি আন বহু বিৰোধী দলে এই নির্বাচন বর্জন কৰিছে।

নিৰ্বাচন বৰ্জন কৰা বিৰোধী দলসমূহে ভোটগ্ৰহণৰ মাজতে আহ্বান জনাইছে ধৰ্মঘট।

বাংলাদেশৰ ২৯৯টা সমষ্টিত ভোটগ্ৰহণ চলি আছে। কিন্তু এজন প্ৰাৰ্থীৰ মৃত্যুৰ বাবে নৌগাঁও-২ সমষ্টিত ভোটদান স্থগিত ৰখা হৈছে। গোপালগঞ্জ-৩ আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাতিপুৱা ৮ বজাত ঢাকাৰ চিটি কলেজ চেণ্টাৰত উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰে।

পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি ৪ বজালৈ চলিব। ভোটদান সমাপ্ত হোৱাৰ পিছতে আৰম্ভ হ’ব ভোটগণনা আৰু সোমবাৰে ফলাফল ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

উল্লেখ্য যে, নিৰ্বাচনক কেন্দ্ৰ কৰি বাংলাদেশত চলি আছে ৰাজনৈতিক অস্থিৰতা। মূল বিৰোধী ৰাজনৈতিক দল বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ সমৰ্থকে নিৰ্বাচন বৰ্জন আৰু নিৰ্বাচন আয়োগে ঘোষণা কৰা নিৰ্বাচনী সময়সূচীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আৰু ভোটগ্ৰহণৰ দিনটোতো বিৰোধী দলটোৱে ধৰ্ণা-প্ৰতিবাদ সাব্যস্ত কৰি আছে।

বিৰোধীৰ এই ঘোষণাৰ পিছতে দেশখনত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে নিৰ্বাচন আয়োগে।  

ইফালে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰ্যবেক্ষণৰ বাবে বাংলাদেশত উপস্থিত হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি হিচাপে বিভিন্ন দেশৰ প্ৰায় ১০০ ৰো অধিক পৰ্যবেক্ষক।

Comments (0)
Add Comment