ইজৰাইল আৰু হামাছৰ মাজত বিগত তিনিমাহৰ পৰা চলি থকা যুদ্ধ শাম কটাৰ নাম লোৱা নাই। দুয়োপক্ষৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত এই পৰ্যন্ত ২০ হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটিছে।
যুদ্ধৰ বাবে দুয়োখন দেশৰ নাগৰিকে এতিয়া ভয়-ভীতিৰে দিন পাৰ কৰিবলগীয়া হৈছে। ভয় ইমানেই বাঢ়িছে যে বাতৰি পঢ়াৰ সময়তো এংকৰে কঢ়িয়াই লৈ ফুৰিছে পিষ্টল।
ইজৰাইলৰ এটা টিভি চেনেলৰ এংকৰে বাতৰি পঢ়ি থকা সময়ত কঁকালত পিষ্টল লৈ থকা এখন ফটো ভাইৰেল হৈ পৰাৰ পিছতে ইয়াক লৈ তীব্ৰ চৰ্চা হৈছে।
পিষ্টল লৈ বাতৰি পঢ়া এংকৰগৰাকীক চেনেল ১৪ত কৰ্মৰত লিটিল শ্বেমেছ বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে, ইজৰাইলত হামাছৰ আক্ৰমণৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি বহু মহিলাই নিজৰ সুৰক্ষাৰ বাবে পিষ্টল ব্যৱহাৰ কৰা পৰিলক্ষিত হয়।
শেহতীয়াকৈ লিটিল শ্বেমেছৰ ছ’চিয়েল মিডিয়া পোষ্টতো তেওঁক বন্দুক ৰেঞ্জত গুলী চলোৱাৰ অনুশীলনত ব্যস্ত থকা দেখা গৈছিল। ইয়াৰ উপৰি তেওঁ সাধাৰণ লোকক “নিজকে অস্ত্ৰধাৰী” হ’বলৈ আহ্বান জনাইছিল।