দক্ষিণ শালমৰা মানকাচৰ জিলাত শনিবাৰে পুৱা সংঘটিত হয় এক অঘটন। নাৱৰ পৰা পৰি এজন জোৱান ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ হোৱাৰ খবৰ আহিছে।
জানিব পৰা মতে, জিলাখনৰ আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা দলে ফকিৰগঞ্জ আৰক্ষী থানাৰ পৰা যন্ত্ৰচালিত নাৱেৰে বন্দিহানা আৰক্ষী চকী পৰিদৰ্শন কৰিবলৈ গৈ থকা সময়তে এই ঘটনাটো সংঘটিত হয়।
ব্ৰহ্মপুত্ৰত নিখোজ হোৱা জোৱানজন উপ-আৰক্ষী অধীক্ষক চন্দ্ৰ কুমাৰ কলিতাৰ ব্যক্তিগত দেহৰক্ষী জোৱান কুশল কলিতা (৩৬) বুলি চিনাক্ত কৰা হৈছে।
দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ পৰা বন্দিহানা লৈ নাৱৰে গৈ থকাৰ সময়তে বাউশকাটাৰ কাছাৰীপাৰাত সংঘটিত হয় এই ঘটনাটো।
ফকিৰগঞ্জ আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত জোৱানজনৰ কোনো শুং সূত্ৰ পোৱা নাই।
ইফালে ঘটনাস্থলত এছ ডি আৰ এফ বাহিনী ৰাওনা হৈছে বুলি এগৰাকী শীৰ্ষ বিষয়াই জানিব দিয়ে।