গোৰেশ্বৰৰ মহৰিপাৰাৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত ১৩ বছৰীয়া কিশোৰে লাভ কৰিছে ৰাইজৰ সমাদৰ ।
তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ মহৰিপাৰাৰ নাথকুছিৰ জ্যোতিৰ্ময় কলিতা নামৰ ১৩ বছৰীয়া কিশোৰজনে কাঠ পেঞ্চিল আৰু ৰং তুলিকাৰে অংকন কৰিছে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণন, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, বিখ্যাত ফুটবলাৰ খ্ৰীষ্টিয়ানো ৰণাল্ডো, মেছি, বলিউদৰ কিং শ্বাহৰুখ খান, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰা লাভ কৰিছে চৰ্চা। কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ কিতাপত পোৱা ছবি আৰু ম’বাইল ফোন চাই চাইয়ে জ্যোতিৰ্ময়ে আঁকিছে এখনৰ পিছত আন এখন ছবি।
আৰ্থিক অভাৱৰ ফলত কোনো আৰ্ট, আনুস্থানিক শিক্ষা নোলোৱাকৈয়ে সুন্দৰ ছবি অংকনৰ প্ৰতিভাক জ্যোতিৰ্ময়ে পঢ়া বিদ্যালয়ৰ শিক্ষক আৰু স্থানীয় ৰাইজেও প্ৰশংসা কৰাৰ লগতে কিশোৰজনৰ উজ্বল ভৱিষ্যত কামনা কৰে।
জ্যোতিৰ্ময়ৰ প্ৰতিভাক এনেকৈয়ে আগুৱাই লৈ যাবলৈ জনপ্ৰতিনিধিৰ ওচৰত অৰ্থিক সহায় সহযোগ আগবঢ়াবলৈ অনুৰোধ পৰিয়ালৰ।