উচ্চতম ন্যায়ালয়ে সলনি কৰিলে গুজৰাট চৰকাৰৰ সিদ্ধান্ত ।পুনৰ জেললৈ যাব লাগিব বিলকিছ বানোৰ দোষী ।২০২২ চনৰ আগষ্ট মাহত গুজৰাট চৰকাৰে বিলকিছ বানোক দলবদ্ধ ভাবে শাৰীৰিক নিৰ্যাতন চলোৱা গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা ১১ জন দোষীক মুকলি কৰি দিছিল। এতিয়া এই বিষয়ত উচ্চতম ন্যায়ালয়ে গুজৰাট চৰকাৰৰ বিৰুদ্ধে গ্ৰহণ কৰে ডাঙৰ সিদ্ধান্ত । আদালতে বাতিল কৰে দোষীৰ শাস্তি ৰেহাই প্ৰদানৰ নিৰ্দেশ।
পুনৰ কাৰাগাৰলৈ যাব লাগিব বিলকিছ বানোক নিৰ্যাতন চলোৱা দোষী ।এই সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰে ডাঙৰ সিদ্ধান্ত । উচ্চতম ন্যায়ালয়ে এই গোচৰত ভুক্তভোগীৰ আৱেদনত অনুমোদন জনায়। উচ্চতম ন্যায়ালয়ে কয় যে, এগৰাকী মহিলা সন্মানৰ যোগ্য। সমাজত মহিলা গৰাকী যিমানেই নিম্ন বুলি গণ্য কৰা নহওক বা যি ধৰ্মতেই বিশ্বাস নকৰক এগৰাকী মহিলা সন্মানৰ যোগ্য । উচ্চতম ন্যায়ালয়ে কয়, যে ৰাজ্য চৰকাৰে শাস্তিৰ ক্ষেত্ৰত শিথিলতাৰ কথা বিবেচনা কৰিবলৈ যোগ্য। সংসদে এই ক্ষমতা ৰাজ্য চৰকাৰক দিছে । কিন্তু এই গোচৰৰ বিচাৰ আন এখন ৰাজ্যলৈ হস্তান্তৰ কৰা হৈছিল।
উচ্চতম ন্যায়ালয়ে কয় যে যিখন ৰাজ্যত অপৰাধীজনৰ বিচাৰ আৰু শাস্তি প্ৰদান কৰা হয়, সেইখন ৰাজ্যই দোষীসকলৰ ক্ষমা আবেদন সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ যোগ্য। যোগ্যতাৰ অভাৱত গুজৰাট চৰকাৰে দোষীক দিয়ে ৰেহাইৰ নিৰ্দেশ বাতিল কৰিব লাগে।
বিলকিছ বানোৰ দোষীক মুকলি কৰি দিয়াৰ গোচৰত ন্যায়াধীশ বি ভি নাগাৰথনা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে ৰায়দান দি থকাৰ সময়তে কয় যে গুজৰাট চৰকাৰ দোষীক মুকলি কৰি দিব নোৱাৰে।দোষীক মুক্তি প্ৰদানৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ চৰকাৰ হে সক্ষম। উচ্চতম ন্যায়ালয়ে কয় যে, যিখন ৰাজ্যত অপৰাধীজনৰ বিচাৰ আৰু শাস্তি প্ৰদান কৰা হয়, সেইখন ৰাজ্যই দোষীসকলৰ ক্ষমা আবেদন সন্দৰ্ভত সিদ্ধান্ত ল’ব পাৰে । যোগ্যতাৰ অভাৱত গুজৰাট চৰকাৰৰ ৰেহাইৰ আদেশ বাতিল কৰিব লাগে
২০২২ চনৰ আগষ্ট মাহত গুজৰাট চৰকাৰে বিলকিছ বানোৰ নিৰ্যাতনৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা ১১ জন দোষীক মুকলি কৰি দিছিল। দোষীক মুক্তি দিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনায় বিলকিছ বানোৰ অধিবক্তাই কৈছিল যে, বিলকিছ বানোৰ লগত যি ঘটনা সংঘটিত হল সেই জোকাৰণিৰ পৰাও সুস্থ হৈ উঠা নাই বিলকিছ বানো আৰু ইয়াৰ বিপৰীতে মুকলি কৰি দিছিল দোষীক। অৱশ্যে দোষীক মুকলি কৰি দিয়া সন্দৰ্ভতো উচ্চতম ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰিছিল। উচ্চতম ন্যায়ালয়ে কৈছিল যে আমি শাস্তি ৰেহাইৰ ধাৰণাটোৰ বিৰোধী নহয় কাৰণ ইয়াক আইনত ভালদৰে গ্ৰহণ কৰা হৈছে, কিন্তু এই দোষীসকল কেনেকৈ ক্ষমাৰ বাবে যোগ্য হ’ল সেয়া স্পষ্ট কৰি দিব লাগে।