উচ্চতম ন্যায়ালয়ে বিলকিছ বানুৰ গোচৰৰ ১১ জন দোষীক দুসপ্তাহৰ ভিতৰত জেল কৰ্তৃপক্ষৰ সন্মুখত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে। আজি বিলকিছ বানোৰ দোষীক গুজৰাট চৰকাৰে মুকলি কৰি দিয়া গোচৰত উচ্চতম ন্যায়ালয়ে দোষীক দুসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে । উচ্চতম ন্যায়ালয়ে গুজৰাট চৰকাৰে দোষীৰ ক্ষমা দানৰ আদেশ নাকচ কৰি কয় যে, দোষীক ৰেহাই দিয়া নিদিয়াৰ সিদ্ধান্ত লোৱাৰ বাবে যোগ্য মহাৰাষ্ট্ৰ চৰকাৰ এইক্ষেত্ৰত কোনো ওক্টিয়াৰ নাই গুজৰাট চৰকাৰৰ। ন্যায়াধীশ নাগাৰত্ন আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে আজি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।
উচ্চতম ন্যায়ালয়ে কয় যে ২০২২ চনৰ মে’ মাহত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত গুজৰাট চৰকাৰে পুনৰীক্ষণ আবেদন দাখিল কৰিব লাগিছিল। কিন্তু গুজৰাট চৰকাৰে দোষীৰ সহযোগত কাম কৰিছিল। গুজৰাট ক্ষমতাৰ প্ৰয়োগ, ক্ষমতাৰ দখল আৰু ক্ষমতাৰ অপব্যৱহাৰৰ উদাহৰণ।