মঙলবাৰে দক্ষিণ কোৰিয়াৰ সংসদে কুকুৰৰ মাংস বধ আৰু বিক্ৰী নিষিদ্ধ কৰাৰ বিধেয়ক গৃহীত কৰি শতিকাজুৰি চলি অহা এই প্ৰথাৰ অন্ত পেলায়। এই পদক্ষেপে দক্ষিণ কোৰিয়াৰ পশু কল্যাণৰ প্ৰতি সামাজিক মনোভাৱৰ পৰিৱৰ্তন প্ৰতিফলিত কৰিছে বুলি কয় চৰকাৰে।
এই আইন অনুসৰি, ২০২৭ চনৰ ভিতৰত কুকুৰ বধ আৰু মাংস বিক্ৰী বন্ধ কৰিব বিচাৰিছে চিউলে।
উল্লেখ্য যে, বিগত কিছু বছৰমানৰ পৰা দক্ষিণ কোৰিয়াত কুকুৰৰ মাংস খোৱা আৰু বিক্ৰীক লৈ তীব্ৰ প্ৰতিবাদ হৈ আছে আৰু অৱশেষত চৰকাৰে এতিয়া ইয়াক অবৈধ বুলি ঘোষণা কৰিছে।
শতিকাজুৰি চলি অহা এই প্ৰথা অনুসৰি, কোৰিয়ানসকলে বিশ্বাস কৰে যে কুকুৰৰ মাংস খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। অৱশ্যে যুৱক-যুৱতীসকলৰ চিন্তাধাৰা সম্পূৰ্ণ বেলেগ আৰু কুকুৰ হত্যাৰ বিৰোধী।
কোৰিয়াৰ বেছিভাগ যুৱকে কুকুৰক নিজৰ পৰিয়ালৰ সদস্যৰ দৰে গণ্য কৰে আৰু কুকুৰ খোৱা আৰু হত্যা কৰাটো তীব্ৰ সমালোচনা কৰি আহিছে।
যুৱক-যুৱতীসকলৰ প্ৰতিবাদৰ মাজতে দেশৰ ৰাষ্ট্ৰপতিয়েও কুকুৰ হত্যা নিষিদ্ধ কৰিব লাগে বুলি কৈছিল। ৰাষ্ট্ৰপতিয়ে এই আইনখনক সমৰ্থন কৰিছিল।
ইফালে যদি এই আইনৰ অধীনত কোনো লোকক দোষী সাব্যস্ত কৰা হয় তেন্তে তেওঁক জেইললৈ প্ৰেৰণ কৰা হ’ব। ইয়াৰ উপৰি কুকুৰ বধ কৰা লোকক তিনি বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে।
অৱশ্যে এই আইনখনত পোনপটীয়াকৈ কুকুৰ মাংস খোৱাটো অবৈধ বুলি কোৱা হোৱা নাই।
কুকুৰ ব্যৱসায়ী আৰু ৰেষ্টুৰেণ্টৰ মালিকসকলৰ কথা চিন্তা কৰি চৰকাৰে এই আইনখন তিনিবছৰৰ পাছত কাৰ্যকৰী কৰিব বুলি কয়। ইয়াৰ উপৰি কুকুৰ উৎপাদক, কছাই আৰু ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষক চৰকাৰে সকলো প্ৰকাৰে সহায় কৰিব বুলিও ঘোষণা কৰিছে।
দক্ষিণ কোৰিয়াত ১৬০০ ৰো অধিক কুকুৰৰ মাংসৰ ৰেষ্টুৰেণ্ট আৰু ২০২৩ চনত দেশখনত ১১৫০ খন কুকুৰৰ পাম আছিল বুলি চৰকাৰী পৰিসংখ্যাত প্ৰকাশ পাইছে।